
ধেমাজিঃ ধেমাজি জিলাৰ চিচিবৰগাঁৱত আৰক্ষীৰ অভিযানত জালত পৰিল নাৰী দেহ ব্যৱসায়ী৷ স্থানীয় সংগঠনৰ খবৰৰ ভিত্তিত চিচিবৰগাঁও আৰক্ষীয়ে অভিযান চলাই ৰাজস্থানৰ নাৰীদেহ ব্যৱসায়ীসহ যুৱতীক আটক কৰিবলৈ সক্ষম হয়৷
স্থানীয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তথ্যৰ ভিত্তিত চিচিবৰগাঁও আৰক্ষীৰ অভিযানত চিচিবৰগাঁৱৰ সমীপৰ দুৰ্গম ঠাইত তিনিচুকীয়াৰ এগৰাকী যুৱতীসহ ৰাজস্থানৰ ঝুনঝুন জিলাৰ বলবীৰ সিং আৰু মেম ৰাজ নামৰ দুজন লোকক আৰক্ষীয়ে আটক কৰে৷
আনহাতে নাৰীদেহ ব্যৱসায়ী আৰু যুৱতীগৰাকীক আশ্ৰয় দিয়া গোবিন হাজৰিকা নামৰ লোকজনক আটক কৰে আৰক্ষীয়ে।
গোবিন হাজৰিকা আৰু তেওঁৰ পত্নীয়ে দীৰ্ঘদিনৰ পৰা নাৰী দেহ ব্যৱসায়, ড্ৰাগছৰ ব্যৱসায়ৰ লগতে অসামাজিক কাৰ্যকলাপৰ সৈতে জড়িত হৈ সামাজিক পৰিৱেশ দূষিত কৰি আহিছে৷ ধৃত ৰাজস্থানৰ মেম ৰাজ নামৰ লোকজনে ছৌদি আৰৱত গাড়ী চলোৱাৰ কথা স্বীকাৰ কৰাৰ লগতে বলবীৰ সিঙে ৰাজস্থানত গাড়ী চলাই বুলি জানিব পৰা গৈছে৷