
ধিংঃ কণ কণ ছাত্ৰ-ছাত্ৰীৰ মুখৰ পৰা চাউল কাঢ়ি নি প্ৰধান শিক্ষকে নিজৰ পৰিয়ালত ব্যৱহাৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত৷ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে যোগান ধৰা বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল উদ্ধাৰ হোৱাৰ পিছতে এই ঘটনা পোহৰলৈ আহে৷ নগাঁও জিলাৰ বটদ্রৱাত প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ডাকাইবস্তি এম ই মাদ্রাছাৰ প্রধান শিক্ষকৰ ঘৰৰ পৰা আৰক্ষীয়ে শুকুৰবাৰে উদ্ধাৰ কৰে ১৭ বস্তা মধ্যাহ্ন ভোজনৰ চাউল৷
চাউল উদ্ধাৰ হোৱাৰ ঘটনা সন্দৰ্ভত স্থানীয় এগৰাকী সচেতন লোকে বটদ্ৰৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।জানিব পৰা মতে, ডাকাইবস্তি এম ই মাদ্রাছাৰ প্রধান শিক্ষকগৰাকীয়ে বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ ১৭ বস্তাকৈ চাউল বিদ্যালয় পৰিচালনা সমিতিৰ অজ্ঞাতে আৰু অনুমতি নোলোৱাকৈ সমবায়ৰ পৰা আনি নিজৰ ঘৰত ৰাখে।
শুকুৰবাৰে একাংশ লোকে শিক্ষকগৰাকীৰ ঘৰত চাউল মজুত থকা বুলি অৱগত হয়৷ তাৰ পিছতে স্থানীয় ৰাইজে বটদ্রৱা আৰক্ষী থানাত খবৰ দিয়ে। শিক্ষকগৰাকীয়ে আৰক্ষী ৰাইজৰ ক্ষোভৰ উমান লাভ কৰি চাউল লুকুৱাৰ চেষ্টা কৰে যদিও সফল হ’ব নোৱাৰিলে৷ বটদ্রৱা আৰক্ষীয়ে শিক্ষকগৰাকীৰ ঘৰত উপস্থিত অভিযান চলোৱাত ৰান্ধনি ঘৰৰ পৰা ১৭ বস্তা মধ্যাহ্ন ভোজনৰ চাউল উদ্ধাৰ কৰে।
প্রধান শিক্ষকগৰাকীৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ হৈ আজিজুল হ'ক নামৰ এজন লোকে বটদ্রৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰৰ বিত্তিত বটদ্রৱা আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধী আইনৰ ২০৩/১৭ নম্বৰত ৩৭৯ ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।
প্ৰধান শিক্ষকগৰাকীয়ে বিজেপি দলৰ নেতা বুলি পৰিচয় দি বিগত সময়ত বিদ্যালয়ৰ পৰিচালনাৰ বিষয়ত ৰাইজক অৱজ্ঞা কৰি আহিছে। পুৰ্বে বিদ্যালয়খনৰ গৃহৰ অৱস্থা বেয়া হৈ থকাত মধ্যাহ্ন ভোজনৰ চাউল চুৰি হোৱাৰ আশংকাত প্ৰধান শিক্ষকৰ গৃহত ৰখা হৈছিল। সম্প্ৰতি বিদ্যালয় গৃহ উন্নত হোৱাত এনে আশংকা নথকাত মধ্যাহ্ন ভোজনৰ চাউল বিদ্যালয় গৃহতে ৰখাটো পৰিচালনা সমিতিয়ে বিচাৰিছিল৷