চিকিৎসকৰ হেমাহিৰ অভিযোগ, নাহৰফুটুকীৰ আক্ৰমণত আহত আনোৱাৰৰ মৃত্যু

ফাইল ফটো
ফাইল ফটো

গুৱাহাটীঃ চিকিৎসকৰ হেমাহিৰ বাবে নাহৰফুটুকীৰ আক্ৰমণত গুৰুতৰ ভাবে আহত এগৰাকী লোকৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত৷ দেওবাৰে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰবেশ কৰি এটি নাহৰফুটুকীয়ে মহানগৰীৰ ধীৰেনপাৰাত কেইবাগৰাকী লোকক আক্ৰমণ কৰি গুৰুতৰ ভাবে আহত কৰে৷ ইয়াৰে আনোৱাৰ হুছেইন নামৰ লোকজনৰ বৃহস্পতিবাৰে মৃত্যু হয়৷

নাহৰফুটুকীয়ে আক্ৰমণ কৰাৰ পিছতে আনোৱাৰ হুছেইনৰ লগতে আটাই কেইগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালত ভৰ্তি কৰিছিল যদিও সামন্য চিকিৎসা কৰিয়েই যাব দিছিল আটাইকেইজনক৷ কিন্তু আনোৱাৰ হুছেইন নামৰ লোকজনৰ দেহৰ ৰক্তক্ষৰণ হোৱাৰ লগতে বেয়াকৈ আঘাত পাইছিল৷ আনোৱাৰৰ পৰিয়ালে চিকিৎসা মহাবিদ্যালয়ৰ গাফিলতিৰ ববাে আনোৱাৰৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰে৷

যোৱা দেওবাৰে নাহৰফুটুকী জনবসতি এলেকাত বিচৰণ কৰাৰ লগতে ৫ গৰাকী লোকক আক্ৰমণ কৰিছিল৷ তাৰ পিছতে অঞ্চলটোত হুৱাদুৱা লাগে৷ ততাতৈয়াকৈ একাংশ লোকে বাঘৰ আক্ৰমণত গুৰুতৰ ভাবে আহত লোকসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে৷ চাৰিগৰাকী লোকক আক্ৰমণ কৰাৰ পিছতে একাংশ লোকে হাতে হাতে টাঙোন লৈ বাঘটোক খেদি আহে৷

তাৰ পিছতে বাঘটোৱে ধীৰেণপাৰাৰ বিষ্ণুৰাভা পথত বিচৰণ কৰে৷ কিছু সময় পিছত বহু লোক সমবেত হয়৷ নাহৰফুটুকীটোৱে সুবিধা বুজি ধীৰেণপাৰাৰ বিষ্ণুৰাভা পথৰ দাতিৰ এখন বিদ্যালয়ত প্ৰবেশ কৰে বাঘটোৱে৷ বাঘটোৱে বিদ্যালয়ত প্ৰবেশ কৰাৰ পিছতে এগৰাকী লোকে মৰসাহ কৰি বাহিৰৰ পৰা দৰ্জা বন্ধ কৰি দিয়ে৷ ফলত এটি শ্ৰেণী কোঠাত নাহৰফুটুকীটো আবদ্ধ হৈ পৰে৷