ঢোলকুছি ট্ৰাইবেল সংঘৰ ফাইনেলত প্ৰৱেশ

তুলসীবাৰীঃ ঢোলকুছিত সত্যকাম সংঘ আৰু যুৱ সমন্বয় উন্নয়ন সমিতিৰ উদ্যোগত স্থানীয় সংঘৰ খেল পথাৰত চলি থকা ধাৰেশ্বৰ দাস আৰু নৰেশ্বৰ দাস সোঁৱৰণি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজিৰ প্ৰথম ছেমিফাইনেল খেলখন ঢোলকুছি ট্ৰাইবেল সংঘ আৰু চাংসাৰি ভাহকাজান ক্লাৱৰ মাজত অনুষ্ঠিত হয়।

এই খেলত ২-১ গলত ঢোলকুছি ট্ৰাইবেল সংঘ জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰে। খেল খন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদ, সতীশ ডেকা, বাহাৰুল ইছলাম আৰু কমল বড়োয়ে। ২০ অক্টোবৰৰ দ্বিতীয় ছেমিফাইনেলত অংশগ্ৰহণ কৰিব এছ এছ বি, ৰঙিয়া আৰু জাৰকোনা জংগল ক্লাৱে।