প্ৰতিমা পাণ্ডেৰ গৌৰীপুৰৰ বাসগৃহত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ

ধুবুৰীঃ দেওবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাৰ গৌৰীপুৰৰ যশস্বী গায়িকা পদ্মশ্ৰী প্ৰতিমাবৰুৱা পাণ্ডেৰ বাসগৃহত সুধাকন্ঠৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী পালন কৰা হয়৷ ধুবুৰী জিলা প্ৰশাসন আৰু গৌৰীপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত গৌৰীপুৰৰ ৰাজবাৰীত সুধাকন্ঠ ভূপেন হাজৰিকাক স্মৰণ কৰে বহু লোকে৷

এক গভীৰ আস্থাৰ গান নামেৰে অনুষ্ঠিত কৰা অনুষ্ঠানত ধুবুৰী জিলাৰ উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে ড০ হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰি শ্ৰদ্ধাঞ্জলি ঞ্জাপন কৰে৷ সুধাকন্ঠৰ গীত পৰিবেশন কৰাৰ লগতে বহু স্থানীয় শিল্পীয়ে গীত আৰু গোৱালপৰীয়া গীত-নৃত্য পৰিবেশন কৰি প্ৰতিমাবৰুৱা পাণ্ডেৰ বাসগৃহ জীপাল কৰি তোলে৷ মৃত্যু বাৰ্ষিকী অনুষ্ঠানটোত ধুবুৰী জিলা আৰক্ষী অধীক্ষক লংদিপ তেৰাং আৰু ন্যায়িক দণ্ডাধীশ বিস্তীৰ্ণ বৰুৱাই উপস্থিত থাকি ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰে৷