
ধুবুৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত হিন্দু ধৰ্মাৱলম্বী লোকসকলে উলহ-মালহেৰে উদযাপন কৰিবলৈ সাজু হৈছে পোহৰৰ উৎসৱ দীপাৱলী৷ উচ্চ-নীচ ভেদাভেদ পাহৰি দীপাৱলী উৎসৱ পালনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে৷ মৃৎশিল্পীৰ দ্বাৰা প্ৰস্তুত কৰা মৰম আৰু বহু আদৰ মিহলি মাটিৰ চাকি সাজু কৰিছে মৃৎশিল্পীয়ে৷
ধুবুৰী জিলাৰ গৌৰীপুৰস্থিত ঐতিহাসিক আশাৰীকান্দিৰ পালপাৰা মৃত শিল্পগ্ৰামৰ মৃৎশিল্পীসকলো ভীষণ ব্যস্ত৷ মৃৎশিল্পকলাৰ ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰা সৰলাবালা দেৱীৰ মৃত্যুৰ পিছতো পিছপৰি থকা আশাৰীকান্দিৰ শিল্পী সকল৷ আশাৰীকান্দিৰ পালপাৰাত আছে প্ৰায় ১৩৫ ঘৰ মৃৎ শিল্পী৷
এওলোকে একমাত্ৰ মৃৎশিল্পৰ সৈতে জড়িত হৈ সা-সামগ্ৰী প্ৰস্তুত কৰি জীৱন নিৰ্বাহ কৰি আহিছে৷ একো একোটা পৰিয়ালৰ সদস্যই প্ৰস্তুত কৰে মাটিৰ সা সামগ্ৰী৷ সন্মুখত পোহৰৰ উৎসৱ দীপাৱলী ৷ মৃৎশিল্পী সকলে চাকি প্ৰস্তুত কৰাত ব্যস্তহৈ পৰিছে৷ একাংশ বেপাৰীয়ে এই ঐতিহাসিক আশাৰীকান্দিৰ পৰা পোহৰৰ চাকিসমূহ ক্ৰয় কৰি বিভিন্ন ঠাইত বিক্ৰী কৰি ব্যৱসায় কৰিব৷
নিতৌ লাখ লাখ চাকি এই আশাৰীকান্দিৰ পৰা ট্ৰাকেৰে নিবলৈ আহে ব্যৱসায়ীয়ে৷ চাকিয়ে নহয় আশাৰীকান্দিৰ পালপাৰাত মাটিৰে বিভিন্ন সা-সামগ্ৰী তৈয়াৰ কৰা হয়৷ কিন্তু এওলোকে কেতিয়াও নাপায় চৰকাৰী কোনো সা সুবিধা৷ বান পানীয়ে এওলোকৰ ক্ষতি কৰে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰে এওলোকক৷