
গোলকগঞ্জঃ যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ তীৰ-জুৱা-চুলাইৰ অবাধ প্ৰচলনে ধ্বংসৰ দিশে আগবঢ়াই নিছে ধুবুৰীৰ যুৱ প্ৰজন্মক৷ সকলোৱে দেখি শুনিও হাত সাৱটি বহি থকা পৰিলক্ষিত হৈছে৷ ছাত্ৰ সংগঠন, জাতীয় সংগঠন, সংখ্যালঘু সংগঠন, প্ৰশাসন সকলোৱে নিমাত এই ক্ষেত্ৰত৷
ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত গোলকগজ বজাৰ, বিৰাট নগৰ চাৰিআলি, হৰিৰহাট বজাৰ, মটেৰঝাৰ বজাৰ, ৰতিয়াদহ বজাৰ, লক্ষীমাৰী বজাৰ, বিষখোৱা বজাৰ আদি বজাৰত তীৰৰ আৰু চুলাই মদৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ উত্থাপিত হৈছে৷ তীৰ খেল আৰু চুলাই মদৰ ঘাটি সমূহ আৰক্ষীয়ে দেখিও নেদেখাৰ ভাও জুৰি থাকে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে।
জুৱা, তীৰ, চুলাই মদে যুৱ প্ৰজন্মৰ তথা ছাত্ৰক জৰুলা কৰাৰ অভিযোগ উত্থাপন হয়৷ এক টকাৰ বিপৰীতে ৮০ টকা লাভ কৰাৰ আশাত দিনৰ দিনটো শ্ৰমি কৰি উপাৰ্জন কৰা টকা কেইটা তীৰৰ টিকট কাটি সৰ্বস্বান্ত হোৱাত সচেতন মহলে চিন্তিত হৈ পৰিছে। এনেদৰে এতিয়া তীৰৰ মাফিয়াই লাখ লাখ টকা সংগ্ৰহ কৰি আহিছে। ধুবুৰী জিলাৰ নৱনিযুক্ত উপায়ুক্তক তীৰ-জুৱা-চুলাই মদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ৰাইজে৷