ধুবুৰীত আবকাৰী বিভাগৰ অভিযান, গ্ৰেপ্তাৰ ১০

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

গোলকগঞ্জঃ ধুবুৰী জিলাৰ আবকাৰী বিভাগে তীব্ৰ অভিযান চলাই অবৈধ মদ ব্যৱসায়ীৰ বিৰুদ্ধে৷ ধুবুৰী আবকাৰী অধীক্ষকৰ নেতৃত্বত চলোৱা অভিযানত বিশেষ সফলতা লাভ কৰে।

জিলা তথ্য আৰু জনসংযোগ বিষয়াই জনোৱা মতে যোৱা ২১ আৰু ২৩ অক্টোবৰত প্ৰতিকুল বতৰৰ মাজতে কাহিলী পূৱাই ধুবুৰী চহৰৰ বিভিন্ন এলেকাত চলোৱা অভিযানত মুঠ ৩৭০ লিটাৰ চুলাই মদ আৰু ১০টা অবৈধ ভাবে সৰবৰাহ কৰা বিয়েৰৰ বটল জব্দ কৰাৰ লগতে ১০গৰাকী লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

১০টা সুকীয়া সুকীয়া গোচৰ ৰুজু কৰি ১০গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয়। আবকাৰী মন্ত্ৰী পৰিমল শুক্ল বৈদ্য ই যোৱা ১৫ অক্টোবৰত ধুবুৰীলৈ আহি বিভাগটোৰ বিষয়াসকলক অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ দিছিল।