ডিব্ৰুগড়ৰ পৰা খোজকাঢ়ি গুৱাহাটীলৈ আহিব দিবাকৰে, মুখ্যমন্ত্ৰীক লগ ধৰি ক’ব ১৫টা সমস্যাৰ কথা

চাবুৱাঃ উজনিৰ পৰা পদব্ৰজে গুৱাহাটীলৈ আহিব এগৰাকী যুৱক৷ অসম চৰকাৰক কেইটামান দাবী জনোৱাৰ উদ্দেশ্যে ২ এপ্ৰিলৰ দিনৰ ১২ বজাৰ পৰা ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে পদব্ৰজে যাত্ৰা আৰম্ভ কৰিছে যুৱকজনে৷ পদযাত্ৰা কৰি মুখ্যমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হৈ তেওঁ কেইটামান দাবী উত্থাপন কৰিব৷ ৰাজ্যৰ এগৰাকী সাধাৰণ যুৱক দিবাকৰ বড়া ঠেঙালে পদযাত্ৰা কৰি গুৱাহাটীলৈ আহিব৷ 

►দিবাকৰ বড়া ঠেঙালৰ দাবী সমূহঃ

যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ সকলো ধৰণৰ সমস্যা সমাধান দূৰ কৰাৰ লগতে শৈক্ষিক পৰিৱেশ গঢ় দিয়াত চৰকাৰে গুৰুত্ব দিব লাগে বুলি তেওঁ ইতিমধ্যে এক প্ৰচাৰ পত্ৰিকা যোগে ৰাজহুৱা আৱেদন জনাই চৰকাৰক৷

বৰ্তমানে নাৰীয়ে স্বাৱলম্বী হ’বলৈ শিকিছে যদিও প্ৰায় ক্ষেত্ৰতে নাৰীক দুৰ্বল মনৰ বুলি গণ্য কৰা হয়৷ কিন্তু দেশ তথা ৰাজ্যত নাৰী সুৰক্ষিত নহয়৷ নাৰী নিৰ্যাতন, ধৰ্ষণৰ দৰে নীচ কামৰ বলি হ’ব লগা হয় নাৰী৷ তথাপিও ঘৃণনীয় কাম কৰা অপৰাধী সকল বাচি যায় আৰু মুক্ত মনেৰে বিচৰণ কৰে সমাজত৷ যাৰ বাবে অপৰাধীক উচিত শাস্তি প্ৰদানৰ বাবে আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনায় যুৱকজনে৷ 

সমাজত বহুতো ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে আৰ্থিক অৱস্থা শোচনীয় বাবে পঢ়া শুনা কৰাৰ পৰা বিৰত থাকিব লগা হয়৷ পঢ়া আধাতে সাং কৰি উচ্চ শিক্ষাৰ গ্ৰহণ কৰাত সমস্যাৰ সন্মুখীন হয়৷ ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ সপোন পূৰণ কৰিবলৈ কম খৰচতে উচ্চ শিক্ষা লাভ কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে গুৰুত্ব দিব লাগে বুলি যুৱকজনে কয়৷

বৰ্তমানে ৰাজ্যত দেখা দিয়া আৰ্থিক সমস্যাৰ মুল কাৰণ হ’ল মুল্যবৃদ্ধি৷ মুল্যবৃদ্ধিয়ে জনসাধাৰণৰ জীৱন কোঙা কৰি পেলাইছে৷ যাৰ বাবে ৰাজ্য চৰকাৰে এনে সমস্যা সন্দৰ্ভত পদক্ষেপ লোৱা উচিত৷

অসমত কৃষকৰ সমস্যা, চাহ মজদুৰৰ সমস্যা, নিবনুৱা সমস্যা প্ৰধান সমস্যা হিচাপে দেখা দি আহিছে৷ কৰ্মসংস্থাপন, খেতিত প্ৰয়োজন হোৱা বিভিন্ন ধৰণৰ সামগ্ৰীৰ যোগান তথা চাহ মজদুৰসকলৰ বাবে বিশেষ সা-সুবিধা প্ৰদান কৰি জীয়াই থকাৰ ওপৰত গুৰুত্ব দিব লাগে চৰকাৰে৷

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ আইনৰ মতে প্ৰৱজনকাৰীক ৰাজ্যত স্থান নিদিবলৈ অনুৰোধ৷ অসমক বিশেষ মৰ্যাদা প্ৰদান কৰি চাৰিওফালৰ সীমাক ছীল আৰু বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক আহ্বান৷ 

অসমৰ সুদক্ষ খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত উপযুক্ত মঞ্চ প্ৰদান কৰা, অসমৰ অভিনয় জগতত জড়িত লোকসকলৰ ভৱিষ্যত সু-নিশ্চিতকৰণ, সমাজৰ শুভাকাংক্ষী সংবাদমাধ্যমৰ লগত জড়িত লেকসলক সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷

তৈলক্ষেত্ৰক ব্যক্তিগত খণ্ডক বিক্ৰী নকৰি চৰকাৰে নিজেই জীয়াই ৰাখিবলৈ পদক্ষেপ লোৱা উচিত৷ নতুন উদ্যোগ স্থাপন কৰাৰ লগতে মৃতপ্ৰায় উদ্যোগসমূহক কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰে গুৰুত্ব দিব লাগে৷ 

নিচাযুক্ত দ্ৰব্য সেৱন কৰি যুৱ চামে নিজৰ জীৱনক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে৷ ড্ৰাগছৰ দৰে নিচাযুক্ত দ্ৰব্যক সেৱন কৰাৰ পৰা মুক্ত কৰিবলৈ চৰকাৰক বিশেষভাৱে পদক্ষেপ ল’বলৈ আহ্বান৷