মৰিগাঁও পালে দিবাকৰে, মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা খোজকাঢ়ি আহি সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীক

গুৱাহাটীঃ মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ পৰা খোজকাঢ়ি আহিছে এগৰাকী যুৱকে৷ যোৱা ২ এপ্ৰিলৰ পৰা যুৱকজনে দিনে-নিশাই খোজ কাঢ়ি আহিছে কেৱল মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ৷ উজনিৰ ডিব্ৰুগড়ৰ পৰা খোজকাঢ়ি আহি বুধবাৰে মৰিগাঁও জিলা পালে দিবাকৰ বড়া ঠেঙাল নামৰ যুৱকজনে৷ 

যুৱকজনে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৰাজধানী মহানগৰী গুৱাহাটীত উপস্থিত হৈ মুখ্যমন্ত্ৰীক লগ ধৰি ক’ব ১৫টা সমস্যাৰ কথা৷ ২ এপ্ৰিলৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল দিবাকৰে৷ উজনিৰ পৰা পদব্ৰজে গুৱাহাটীলৈ আহি অসম চৰকাৰক কেইটামান দাবী জনাব৷ ২ এপ্ৰিলৰ দিনৰ ১২ বজাৰ পৰা ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখে পদব্ৰজে যাত্ৰা আৰম্ভ কৰা যুৱকজনে মুখ্যমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হৈ তেওঁ কেইটামান দাবী উত্থাপন কৰিব৷ 

►দিবাকৰ বড়া ঠেঙালৰ দাবী সমূহঃ

►যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ সকলো ধৰণৰ সমস্যা সমাধান দূৰ কৰাৰ লগতে শৈক্ষিক পৰিৱেশ গঢ় দিয়াত চৰকাৰে গুৰুত্ব দিব লাগে বুলি তেওঁ ইতিমধ্যে এক প্ৰচাৰ পত্ৰিকা যোগে ৰাজহুৱা আৱেদন জনাই চৰকাৰক৷

►বৰ্তমানে নাৰীয়ে স্বাৱলম্বী হ’বলৈ শিকিছে যদিও প্ৰায় ক্ষেত্ৰতে নাৰীক দুৰ্বল মনৰ বুলি গণ্য কৰা হয়৷ কিন্তু দেশ তথা ৰাজ্যত নাৰী সুৰক্ষিত নহয়৷ নাৰী নিৰ্যাতন, ধৰ্ষণৰ দৰে নীচ কামৰ বলি হ’ব লগা হয় নাৰী৷ তথাপিও ঘৃণনীয় কাম কৰা অপৰাধী সকল বাচি যায় আৰু মুক্ত মনেৰে বিচৰণ কৰে সমাজত৷ যাৰ বাবে অপৰাধীক উচিত শাস্তি প্ৰদানৰ বাবে আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনায় যুৱকজনে৷ 

►সমাজত বহুতো ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে আৰ্থিক অৱস্থা শোচনীয় বাবে পঢ়া শুনা কৰাৰ পৰা বিৰত থাকিব লগা হয়৷ পঢ়া আধাতে সাং কৰি উচ্চ শিক্ষাৰ গ্ৰহণ কৰাত সমস্যাৰ সন্মুখীন হয়৷ ছাত্ৰ-ছাত্ৰীৰ পঢ়াৰ সপোন পূৰণ কৰিবলৈ কম খৰচতে উচ্চ শিক্ষা লাভ কৰাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰে গুৰুত্ব দিব লাগে বুলি যুৱকজনে কয়৷

►বৰ্তমানে ৰাজ্যত দেখা দিয়া আৰ্থিক সমস্যাৰ মুল কাৰণ হ’ল মুল্যবৃদ্ধি৷ মুল্যবৃদ্ধিয়ে জনসাধাৰণৰ জীৱন কোঙা কৰি পেলাইছে৷ যাৰ বাবে ৰাজ্য চৰকাৰে এনে সমস্যা সন্দৰ্ভত পদক্ষেপ লোৱা উচিত৷

►অসমত কৃষকৰ সমস্যা, চাহ মজদুৰৰ সমস্যা, নিবনুৱা সমস্যা প্ৰধান সমস্যা হিচাপে দেখা দি আহিছে৷ কৰ্মসংস্থাপন, খেতিত প্ৰয়োজন হোৱা বিভিন্ন ধৰণৰ সামগ্ৰীৰ যোগান তথা চাহ মজদুৰসকলৰ বাবে বিশেষ সা-সুবিধা প্ৰদান কৰি জীয়াই থকাৰ ওপৰত গুৰুত্ব দিব লাগে চৰকাৰে৷

►নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ আইনৰ মতে প্ৰৱজনকাৰীক ৰাজ্যত স্থান নিদিবলৈ অনুৰোধ৷ অসমক বিশেষ মৰ্যাদা প্ৰদান কৰি চাৰিওফালৰ সীমাক ছীল আৰু বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক আহ্বান৷ 

►অসমৰ সুদক্ষ খেলুৱৈসকলৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত উপযুক্ত মঞ্চ প্ৰদান কৰা, অসমৰ অভিনয় জগতত জড়িত লোকসকলৰ ভৱিষ্যত সু-নিশ্চিতকৰণ, সমাজৰ শুভাকাংক্ষী সংবাদমাধ্যমৰ লগত জড়িত লেকসলক সুৰক্ষা প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷

►তৈলক্ষেত্ৰক ব্যক্তিগত খণ্ডক বিক্ৰী নকৰি চৰকাৰে নিজেই জীয়াই ৰাখিবলৈ পদক্ষেপ লোৱা উচিত৷ নতুন উদ্যোগ স্থাপন কৰাৰ লগতে মৃতপ্ৰায় উদ্যোগসমূহক কাৰ্যক্ষম কৰি তুলিবলৈ চৰকাৰে গুৰুত্ব দিব লাগে৷ 

►নিচাযুক্ত দ্ৰব্য সেৱন কৰি যুৱ চামে নিজৰ জীৱনক মৃত্যুৰ মুখলৈ ঠেলি দিয়ে৷ ড্ৰাগছৰ দৰে নিচাযুক্ত দ্ৰব্যক সেৱন কৰাৰ পৰা মুক্ত কৰিবলৈ চৰকাৰক বিশেষভাৱে পদক্ষেপ ল’বলৈ আহ্বান৷