ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰত গান্ধী জয়ন্তী উদযাপন

newsnextone.com  লাহোৱালঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্ৰ, ডিব্ৰুগড়তমঙলবাৰে  জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উদযাপন কৰা হয়। মদাৰখাতৰ কেইবাখনো বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ মাজত "স্বচ্ছতাই সেৱা " বিষয়টোৰ ওপৰত এখনৰ ৰচনা প্ৰতিযোগিতা আয়োজন কৰে।

প্ৰতিযোগিতাসমূহ দুটা শাখাত অনুষ্ঠিত হয়। মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ‍্যমিক বিদ্যালয়, মদাৰখাত বালিকা বিদ্যালয়, মদাৰখাত মডেল স্কুল, মদাৰখাত গৰিয়সী জাতীয় বিদ্যালয়, ফুলামপুৰ হাইস্কুল আৰু শ্ৰীশ্ৰী শঙ্কৰদেৱে মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰত‍্যেকেই পুৰস্কাৰ লবলৈ সক্ষম হয়। প্ৰতিযোগিতাত স্থান পাবলৈ সক্ষম নোহোৱা সকলো প্ৰতিযোগীকে একোখনকৈ ছাত্ৰ সকলৰ উপযোগী কিতাপ আগবঢ়ায়।

গান্ধী জয়ন্তী উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড০ হিৰণ্য ভট্টাচাৰ্যই। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি মদাৰখাত বালিকা বিদ্যালয়ৰ প্ৰতিস্থাপক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক যতীন গোঁহাই, মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সঞ্জয় দত্ত, দুয়োজনে গান্ধী জয়ন্তী আৰু স্বচ্ছতাৰ ওপৰত ভাষণ প্ৰদান কৰে। সভাত উপস্থিত থাকে কবি শিক্ষয়িত্ৰী ৰীমা সেনাপতি, মীৰা গোঁহাই।

বিশিষ্ট অতিথিসকলক কৃষি বিজ্ঞান কেন্দ্ৰৰ তৰফৰপৰা একোখনকৈ ফুলাম গামোচাৰে আদৰণি সম্ভাষণ  জনায়। সভাখনিৰ আঁত ধৰে বিজ্ঞানী ডঃ আৰাধনা বৰুৱাই। সভাত স্থানীয় ৰাইজকে ধৰি ছাত্ৰ-ছাত্রীৰ অভিভাৱকসকলো উপস্থিত থাকে।