আগুৱাই নিব চাহ শ্ৰমিকৰ সন্তানক, ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত শৈক্ষিক সজাগতা সভা

ডিব্ৰুগড়ঃ চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ সন্তানক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে৷ জিলা খনৰ প্ৰশাসনে বিদ্যালয়ত বিশেষ সভা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত দেওবাৰে মদাৰখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় এখন বিশেষ সভা৷

তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ সময়ত শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত উৎসাহী কৰিবলৈ তথা ছাত্ৰ-ছাত্ৰীক সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত সভাত জিলাখনৰ লাহোৱাল বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়, মদাৰখাত বালিকা বিদ্যালয় আৰু টিমনা উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিত থাকে।

বিদ্যালয় কেইখনৰ ৬০% চাহ মজদুৰ শ্ৰমিকৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে। অঞ্চলটো চাহ শ্ৰমিক অধ্যুষিত যদিও উক্ত বিদ্যালয় কেইখনত চাহ শ্ৰমিকৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বহু কম৷ চাহ শ্ৰমিকৰ ছাত্ৰ-ছাত্ৰীৰ অনিয়মীয়া উপস্থিতি আৰু অভিভাৱকৰ সজাগতাৰ অভাৱ সন্দৰ্ভত সময়ে সময়ে অভিযোগ উত্থাপন হয়। ডিব্ৰুগড় জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ সহযোগত দেওবাৰে বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হিৰন‍্য গোঁহাই সেনাপতি আৰু কৃষ্ণকমল শইকীয়াই আঁতধৰা সজাগতা সভাৰ উদ্দেশ্যে ব‍্যাখা কৰে বিদ্যালয়ৰ অধ‍্যক্ষা মৰ্জিনা গগৈয়ে।

সভা খনত জিলা উপায়ুক্ত লয়া মাদুৰী উপস্থিত থাকি শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক শৈক্ষিক দিশত সজাগ হোৱাৰ বাবে মন্ত‍ব‍্য আগবঢ়াই। তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত ছাত্ৰ-ছাত্ৰীয়ে উপয়ুক্ত শিক্ষা গ্ৰহণ নকৰিলে কৰ্মসংস্থাপন পৰা বঞ্চিত হ’ব বুলি কয়৷ অভিভাৱক তথা শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব বুলি কয় উপায়ুক্ত মাদুৰীয়ে৷ সভাত অংশ গ্ৰহণ কৰি বিদ্যালয়সমূহৰ পৰিদৰ্শিকা চায়ৰা ৱাই এ ৰহমানে ছাত্ৰ-ছাত্ৰীৰ উত্তৰণৰ বাবে অভিভাৱকৰ ভূমিকা বহুত বেছি বুলি কয়৷

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ আঁচনি সমন্বয়ক তথা অতিৰিক্ত উপায়ুক্ত অংকুৰ ভৰালীয়ে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলক উদ্দেশ‍্যে ভাষন আগবঢ়ায়। অায়ুক্ত উদয়শংকৰ দত্ত‌ই ছাত্ৰ-অভিভাৱকৰ সমস‍্যাসমূহক লৈ মত বিনিময় কৰে। জিলা সদৰৰ মহকুমাধিপতি নিসাৰ্গ হিৱাৰে সভাত ভাষন প্ৰদান কৰে। অসম চাহ মজদুৰ সংঘৰ ডিব্ৰুগড় শাখাৰ সম্পাদক নবীন কেওঁটে কয় যে মূৰ্গীযুঁজৰ আখৰা, মদ আৰু জুৱাই চাহ জনগোষ্ঠীৰ লোকসকলক পিছপৰা থকাৰ অন‍্যতম কাৰণ।

সভাত উপস্থিত থাকে মদাৰখাত এচ আৰ চি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিনোদ গোস্ৱামী, উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ সভাপতি কেশৱ দত্ত, মদাৰখাত বালিকা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী অনু কোঁৱৰ, মদাৰখাত বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক অজিত গোঁহাই, টিমনা হাইস্কুলৰ প্ৰধান শিক্ষক বিজয় কোঁৱৰ, ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থপ্ৰতিম শইকীয়া, মদাৰখাত অঞ্চলৰ বাগিচাসমূহৰ পৰিচালক আটছাৰ বিষয়-ববীয়া। চাহ জনগোষ্ঠীৰ ৭০০ছাত্ৰ-ছাত্ৰী, অভিভাৱক ধৈৰ্য আৰু শান্তিৰে সভাগৃহত ৪ ঘন্টাজুৰি বহি সভাত ভাষণ প্ৰদান কৰা প্ৰতিগৰাকী  লোকৰ ভাষণ শুনে৷