
ডিব্ৰুগড়ঃ শাসকগোষ্ঠীয়ে জনতাক কেতিয়াও মুৰ্খ বুলি ভাবিব নালাগে। অসমক হিন্দু ৰাজ্য হিচাপে গঠন কৰিবৰ কাৰণে স্বাধীনতা সংগ্ৰাম কৰা নাছিলো। আমি স্বাধীনতা সংগ্ৰাম কৰিছিলো জীয়াই থাকিবৰ কাৰণে। এই মন্তব্য বিশিষ্ট সাংবাদিক তথা প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাৰ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা তথা হিন্দু শৰনাৰ্থী অসমত সংস্থাপনৰ বিৰুদ্ধে ডিব্ৰুগড় জিলাৰ পুথিভড়ালত দেওবাৰে অনুষ্ঠিত গণ অভিৱৰ্তনত অংশ লৈ বিশিষ্ট সাংবাদিকগৰাকীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।
ভূঞাই ভাষণত আৰু কয়, জনতাৰ গণতান্ত্ৰিক দাবীক যদি চৰকাৰে ভৰিৰে মোহাৰি থাকে, তেন্তে ৰাইজে এদিন অস্ত্ৰ তুলি লবলৈ বাধ্য হ’ব। অসমীয়া জাতি, মাটি ইতিমধ্যেই বিপন্ন হৈছে। ৰাজনীতি, অৰ্থনীতি, সংস্কৃতিৰ ওপৰতো অসমীয়া জাতিয়ে অধিকাৰ হেৰুৱাই পেলালে। অসমৰ সম্পদ বহিঃৰাজ্যৰ পুঁজিপতিয়ে নি আছে। আজিৰ এই লুন্ঠন প্ৰক্ৰিয়াৰ চকীদাৰ হল দিছপুৰত বহি থকা মুখ্যমন্ত্ৰী আৰু তেওৰ সাংগোপাংগোসকল। বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক কোনোপধ্যে অসমৰ ৰাইজে মানি লব নোৱাৰে বুলি উল্লেখ কৰাৰ লগতে ভাৰতবৰ্ষখনক নৰেন্দ্ৰ মোডী চৰকাৰে বিদেশী পুঁজিৰ ওচৰত সম্পূৰ্ণভাৱে গতাই দিয়াৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ সাংবাদিক ভূঞাই৷

ভূঞাই আৰু কয় ‘‘অৰ্থনৈতিক, ৰাজনৈতিক অধিকাৰৰ পিছত এতিয়া সাংস্কৃতিক স্বাধীনতাক সম্পূৰ্ণভাৱে বিসৰ্জন দিছে চৰকাৰে। অসমক কোনো কাৰণতে আৰ এছ এছৰ পৰীক্ষাগাৰলৈ ৰূপান্তৰ হ’বলৈ নিদিও। আমি ইয়াৰ বাবে সংগ্ৰাম কৰিব লাগিব।’’ গণ অভিৱৰ্তনৰ মুখ্য আহ্বায়ক শৰত চন্দ্ৰ নেওগ, দীপক শইকীয়া আৰু মনোৰঞ্জন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অভিৱৰ্তনত অসম সংগ্ৰামী মঞ্চৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক মনজিত মহন্তই সৰ্বানন্দ সোণোৱালক অসমীয়া জাতিৰ মহাশক্ৰ আখ্যা দি অসমীয়া জাতিৰ অস্তিত্বক সংকটত পেলাই বিদেশীক আমন্ত্ৰণ জনোৱা সৰ্বানন্দ সোনোৱালে কেতিয়াও জাতীয় নায়ক হব নোৱাৰে বুলি কয়।
কিছুমান দূতলীয়া চৰিত্ৰৰ নেতাৰ বাবেই অসমখন ৰসাতলে গৈছে। অসমৰ আঞ্চলিক দল অসম গণ পৰিষদকো তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় অগপই দুই নাৱত দুই ভৰি দিছে। জাতিৰ সংকটৰ মুহুৰ্তত অগপই যদি কোনো পদক্ষেপ গ্ৰহণ নকৰে তেন্তে অসমীয়া জাতিয়ে গণশক্ৰ হিচাপে কবলৈ বাধ্য হ’ব। ইতিমধ্যে জাতি-জনগোষ্ঠীয় সংগঠনসমূহেও বিজেপি চৰকাৰৰ হাতত বিক্ৰী হৈছে। আমি জাতিৰ স্বাৰ্থত কোনোধৰণে আপোচ কৰা নহব। যদি হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিয়ে তেন্তে একে ৪৭ কিয় অসমৰ ৰাইজে অন্য অস্ত্ৰ তুলি লবলৈ সাজু বুলি উল্লেখ কৰে মণজিৎ মহন্তই৷

আনকি জাতিক বচাবলৈ প্ৰয়োজনক ময়ো অস্ত্ৰ তুলি লম বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰে মহন্তই। মহন্তই ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনকো আক্ৰমণৰ লক্ষ কৰি জাতিৰ দ্বিতীয় শক্ৰ হিচাপে আখ্যা দিয়ে। ইপিনে সদৌ অসম বঙালি যুৱ-ছাত্ৰ ফেডাৰেছনৰ সাধাৰণ সম্পাদক নিৰ্মল কান্তি শীলে কেৱল এটা ধৰ্মৰ বিদেশীক লৈ বিৰোধিতা হ’ব নালাগে বুলি উল্লেখ কৰি বিদেশী, বিদেশীয়েই সেয়া হিন্দুৱেই হওক নতুবা মুছলমানেই হওক বুলি কয়। আমি কলিকতা, পশ্চিমবংগ নতুবা বাংলাদেশৰ বঙালি নহয়। আমি অসমৰ খিলঞ্জীয়া বঙালি অসমীয়াৰ স্বাভিমান, অস্তিত্ব ৰক্ষাৰ বাবে এখোজ আগুৱাই গৈ প্ৰয়োজনত তেজ দিবলৈকো সাজু আছো বুলি কয় বঙালি ছাত্ৰ নেতাগৰাকীয়ে।
হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ সিদ্ধান্তক সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছো বুলি কৈ আমাৰ ভাষা বঙালী হ’ব পাৰে, কিন্তু আমাৰ কলা, সংস্কৃতি অসমীয়া বুলি কয়। চৰকাৰে প্ৰকৃত ভাৰতীয়ক ডি-ভোটাৰ হিচাপে চিহ্নিত কৰিছে। ডেৰলাখ ভাৰতীয় ডিটেনশ্বন কেম্পত ৰখা হৈছে। ডেৰলাখ ভাৰতীয়ক ডিটেনশ্বন কেম্পত ৰখা হৈছে। বঙালীসকলক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছো বুলি শবাত উল্লেখ কৰে বঙালি নেতাগৰাকীয়ে৷ সদৌ অসম ট্ৰাইৱেল সংঘৰ সভাপতি মিলন সোনোৱালে অসমৰ ৪৭টা ট্ৰাইৱেল বেল্ট আৰু ব্লকৰ পৰা অনুপ্ৰৱেকাৰীক উচ্ছেদ কৰাৰ দাবী উত্থাপন কৰে ভাষণ প্ৰসংগত৷
অসমত হিন্দু বাংলাদেশীক সংস্থাপনে আটাইতকৈ ক্ষতি কৰিব জনজাতিসকলক। অসমক পূৱ পাকিস্তানৰ লগত চামিলকৰণৰ বিৰুদ্ধে প্ৰথমে জনজাতিসকলেই বিৰোধিতা কৰিছিল। অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল ৰাজ খনিকৰে কোনো পধ্যে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিষয়টো অগপই মানি নলয় বুলি স্পষ্ট কৰি দিয়ে। আনহাতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইয়ে নাগৰিকত্ব সংশোধনী বিধেয়কখন তীব্ৰ বিৰোধিতা কৰি ভাষণ আগবঢ়ায়।
বিশিষ্ট বাওপন্থী নেতা মুনীন মহন্তই ধৰ্মীয় মেৰুকৰণেৰে অসমত বিদেশী সংস্থাপনৰ সিদ্ধান্তক কঠোৰ ভাষাৰে সমালোচনা কৰি চৰকাৰে অসম চুক্তিক চূড়ান্তভাৱে উলংঘা কৰিছে বুলি কয়। এতিয়া অসমে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিব লাগিব। আনপিনে দোদুল্যমান পৰিস্থিত অগপই ৰাইজৰ স্বাৰ্থত মিত্ৰজোট ভংগ কৰিব লাগে বুলিও কয়। সভাত প্ৰথিতযশা সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াই স্বাস্থ্যজনিত কাৰণত উপস্থিত থাকিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত সাহিত্যিকগৰাকীয়ে প্ৰেৰণ কৰা লিখিত ভাষণ পাঠ আগবঢ়ায় গণ অভিৱৰ্তনৰ সভাপতি শৰত চন্দ্ৰ নেওগে। অভিৱৰ্তনৰ অন্যতম আহ্বায়ক উত্তম চেতিয়াই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত অসম গণ পৰিষদৰ আঞ্চিলকতাবাদী দলৰ সভাপতি সুনীল ৰাজকোঁৱৰ, কৃষক মহাসভাৰ সভাপতি বলীন্দ্ৰ শইকীয়াকে ধৰি আন বহুকেইগৰাকী জাতি-জনগোষ্ঠীৰ নেতাই অংশগ্ৰহণ কৰে।