হত্যা নে আত্মহত্যা, অগ্নিদগ্ধ ৰশ্মিৰেখাৰ মৃত্যুত চাঞ্চল্য

অভয়াপুৰীঃ এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয় বঙাইগাঁৱৰ যোগীঘোপাত৷ যোগীঘোপাৰ চলন্তপাৰাত বৃহস্পতিবাৰে এগৰাকী বোৱাৰীৰ অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত চলন্তপাৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজেন দাসৰ জীয়ৰী তথা একেখন গাঁৱৰে ৰাজু কলিতাৰ পত্নী ৰশ্মিৰেখা কলিতাই বৃহস্পতিবাৰে পুৱতি নিশা প্ৰাতঃভ্ৰমণলৈ ওলাই গৈ বহু সময়লৈকে ঘৰলৈ ওভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোকসকল৷

স্বামী ৰাজু কলিতাই প্ৰায় ৮ বজাত একে খন গাঁৱৰে ৰশ্মি ৰেখাৰ পিতৃ ৰাজেন দাসৰ ঘৰলৈ আহে যদিও ৰশ্মিৰেখাৰ সন্ধান নোপোৱাত ৰাজু কলিতা পুনৰ ঘৰলৈ ওভটি আহে। আনপিনে ৰাজু কলিতাই ঘৰলৈ ওভটি অহাৰ পথত পৰিয়ালৰ লোকে ৰাজু কলিতাক তেওঁৰ পত্নী ৰশ্মিৰেখাই অগ্নিদগ্ধ হৈ আত্মহত্যা কৰা বুলি খবৰ দিয়ে। ঘটনা সন্দৰ্ভত ৰশ্মিৰেখাৰ পিতৃৰ পৰিয়ালে জানিব পাৰি ৰাজু কলিতাৰ গৃহত উপস্থিত হৈ অৰ্ধদগ্ধ অৱস্থাত এটি ৪ বছৰীয়া কন্যা সন্তানৰ মাতৃ তথা নিজ জীয়ৰী ৰশ্মিৰেখাৰ নিথৰ দেহটো প্ৰত্যক্ষ কৰি এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰে।

ঘটনাৰ খবৰ অঞ্চলটোত বনজুইৰ দৰে বিয়পি পৰাত স্থানীয় বহু লোক ৰাজু কলিতাৰ ঘৰত উপস্থিত হৈ ঘটনা সম্পৰ্কে যোগীঘোপা আৰক্ষী থানাক অৱগত কৰে। যোগীঘোপা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন ভূঞাৰ নেতৃত্বত এদল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰশ্মিৰেখা কলিতাৰ অৰ্ধদগ্ধ মৃতদেহটো উদ্ধাৰ কৰে আৰু প্ৰাথমিক তদন্তৰ অন্তত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰে।

৬ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা ৰাজু আৰু ৰশ্মিৰেখাৰ মাজত কোনো বিষয়ক লৈ মনোমালিন্য হৈছিল৷ মনোমালিন্য‌‌‌ই এটা সময়ত তীব্ৰ ৰূপ ধাৰন কৰিছিল যাৰ পৰিনতিত ৰশ্মিৰেখাক ৰাজু কলিতাৰ পৰিয়ালে পৰিকল্পিত ভাবে হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰে ৰশ্মিৰেখাৰ পিতৃ ৰাজেন দাসে। ৰশ্মিৰেখাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্র অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্তত হে ওলাই পৰিব এয়া পৰিকল্পিত হত্যা নে আত্মহত্যা।