
ডিব্ৰুগড়ঃ সমগ্ৰ দেশৰে লগতে আমাৰ ৰাজ্যখনতো নিতৌ সংঘটিত হ’ব ধৰিছে ধৰ্ষণ, যৌন নিৰ্যাতনৰ ঘটনা৷ ঘৰৰ পৰা ওলালেই এতিয়া নাৰীয়ে সুৰক্ষিাক লৈ চিন্তিত হ’ব লগা হয়৷ মহিলা-যুৱতী কন্যা শিশু প্ৰতিদিনে ধৰ্ষণ, যৌন নিৰ্যাতনৰ সন্মুখীন হৈ আহিছে৷ নাৰী পদে পদে যৌন নিৰ্যাতনৰ সন্মুখীন হোৱাৰ আশংকাত পৰে৷ সেয়া বাছ, ৰেল, স্কুল, কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় য’তেই নহওক নাৰী পদে পদে ধৰ্ষণ, যৌন নিৰ্যাতন হ’ব লগা হৈছে৷
যোৱা কেইবাটাও দিনত বৰ্বৰ, পাশৱিক ধৰ্ষণ কাণ্ড সংঘটিত হৈছে অসমত৷ অসমত কেইবাটাও লজ্জাজনক ঘটনা সংঘটিত হৈছে৷ উজনি-নামনি-বৰাক উপত্যকাত কেইবাটাও ঘটনা সংঘটিত হোৱাৰ সময়তে এইবাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণ কাণ্ড৷ এগৰাকী কিশোৰীক সাংস্কৃতিক উৎসৱ উপভোগ কৰিব যোৱাৰ সময়তে ৫ গৰাকী লোকৰ কামনাৰ বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে৷
কিশোৰীক ধৰ্ষণ কৰাৰ পৰিয়ালে লোকৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে দুগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ ডিব্ৰুগড় জিলাৰ ডিকম আৰক্ষী থানাৰ অন্তৰ্গত চেচা চাহ বাগিচাত ০১ মে’ৰ নিশা শ্ৰমিক দিৱস উপলক্ষে বাগিচা খনৰ এটি দৰিদ্ৰ পৰিয়ালৰ নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীয়ে সাংস্কৃতিক সন্ধিয়া উপভোগ কৰিব গৈছিল৷
নিশা প্ৰায় ১০ বজাত প্ৰায় ৫ জন যুৱকে নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক সাংস্কৃতিক সন্ধিয়াৰ পৰা জোৰজুলুম কৰি লৈ যায়৷ ৫জন যুৱকে প্ৰায় এক ঘণ্টা সময় যৌন নিৰ্যাতন চলোৱাৰ অন্তত কিশোৰীগৰাকীয়ে দলটোৰ পৰা কেনেবাকৈ মুক্ত হৈ ঘৰলৈ আহে৷ তাৰ পিছতে পৰিয়ালক সকলো কথা অৱগত কৰে৷ পৰিয়ালে নিশাই আৰক্ষীত দিয়া অভিযোগৰ ভিত্তিত ৰবি পাতৰ আৰু জয়ৰাম গড় নামৰ দুজন যুৱকক আৰক্ষীয়ে আটক কৰে৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলা খনত৷ দল-সংগঠনে ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰাৰ দাবী জনায়৷
উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজ গৃহ জিলাত ইয়াৰ পূৰ্বে জিলা খনৰ সদৰ চহৰৰ সমীপৰ লক্ষ্মীনগৰ এলেকাত ৫ বছৰীয়া কন্যাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল যোৱা ০১ এপ্ৰিলত৷ লক্ষ্মীনগৰৰ এটি পৰিয়ালত গোৱালপাৰা জিলাৰ পকা মিস্ত্ৰীৰ দল এটা বাহৰ পাতি আছিল৷ পকা মিস্ত্ৰীৰ দলৰ এগৰাকী ২২ বছৰীয়া সহযোগীয়ে এই কাণ্ড সংঘটিত কৰিছিল৷
মুখ্যমন্ত্ৰীৰ গৃহৰ পৰা পৰা মাথো ৭০০ মিটাৰ নিলগত সংঘটিত হৈছিল ঘটনা৷ মুখ্যমন্ত্ৰীৰ জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া হোৱাৰ লগতে আৰক্ষী গিজগিজাই থাকে৷ তাৰ মাজতে ৩০ দিনৰ ভিতৰত দুটাকৈ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাত প্ৰশ্ন উঠিছে মুখ্যমন্ত্ৰীৰ ঘৰৰ সমীপতে যদি নাৰী-কন্যা শিশু সুৰক্ষিত নহয় আন ঠাইত সুৰক্ষা দিব কোনে৷