
নলবাৰীঃ অসহায় এগৰাকী লোকে আশ্ৰয় লবলৈ এটুকুৰা ঠাই বিচাৰি হাহাকাৰ কৰিব লগা হৈছিল৷ ৰাজ পথত অসহায় লোকগৰাকীয়ে কান্দিছিল৷ সতি, সন্ততিৰ সৈতে সুখেৰে দিন পাৰ কৰিম বুলি সপোন দেখা মানুহগৰাকী এদিন সন্তানৰ পৰ হ’ব লগা হৈ ৰাজ পথত আনৰ মুখলৈ চাব লগা হৈছিল৷ এখন সুখৰ সংসাৰৰ সপোন দেখা মানুহগৰাকীক সন্তানে পেলাই থৈ গৈছিল ৰাজ পথত৷
নাম তেওৰ দিলিপ ডেকা৷ গুৱাহাটী মহানগৰীৰ সমীপৰ উত্তৰ গুৱাহাটীৰ দিলিপ ডেকাক প্ৰায় ডেৰ বছৰ পূৰ্বে নিজ পুত্ৰই গাড়ীৰে আনি পেলাই থৈ গৈছিল নলবাৰীৰ ৰাজপথত৷ তাৰ পিছতে এগৰাকী লোকে ৰাজ পথত অসহায় অৱস্থাত পুত্ৰৰ দ্বাৰা লাঞ্চিত হৈ ৰাজ পথত এৰি থৈ যোৱাৰ কথা অৱগত হয় নলবাৰীৰ মানৱদৰদী ডিৱাই-৩৬৫ৰ সাংবাদিক মজিবুৰ ৰহমানে৷ দিলিপ ডেকাক উদ্ধাৰ কৰি যোৱা সময়খিনি সাংবাদিকগৰাকীয়ে তেওৰ সঞ্চালনাত পৰিচালিত হৈ থকা নলবাৰী চহৰৰ শান্তি নিবাস অনাথ আশ্ৰমলৈ আনে৷ মজিবুৰে যঠেষ্ট কষ্ট কৰি দিলিপ ডেকাক সুস্থ কৰি তোলে৷
পিছত মজিবুৰে পৰিয়াল, আত্মীয়ৰ সৈতে যোগাযোগ কৰিব খুজিও কোনো সন্ধান উলিয়াব নোৱাৰিলে৷ দেওবাৰে ‘শান্তি নিৱাস অনাথ আশ্ৰম’ৰ সদস্য দিলীপ ডেকাই (৮০) মৃত্যুক আকোৱালি লয়৷ চিকিৎসা চলি থকাৰ সময়তে বৃদ্ধগৰাকীৰ মৃত্যু হোৱাত সাংবাদিক মজিবুৰ আৰু আশ্ৰমৰ আন আন সদস্যক শোকবিহ্বল হৈ পৰে৷ সাংবাদিক ৰহমানৰ সৈতে পিতা-পুত্ৰৰ দৰে সম্পৰ্ক গঢ়ি উঠিছিল অতি কম সময়ৰ ভিতৰতে৷ ৰহমানে নিজ হাতেৰে খাদ্য খুৱাই দি সেৱা কৰিছিল তেওক৷ দেওবাৰে সন্ধিয়া ৫.৪৫ বজাত নলবাৰীৰ ৰাজহুৱা শ্মশানত প্ৰশাসনৰ সহযোগত দিলিৰ ডেকাৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ সাংবাদিক ৰহমানে বৃদ্ধগৰাকীৰ মুখাগ্নি কৰে৷