উত্তেজনা অব্যাহত আছে ডিমা হাছওত, নগা চুক্তিয়ে জ্বলাব নেকি অসম?

হাইলাকান্দিঃ কেন্দ্ৰীয় চৰকাৰে সকলো পক্ষক অন্ধকাৰত ৰাখি সম্পাদনা কৰা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টে জ্বলাব পাৰে অসম৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টে প্ৰায় ৬ মাহ ধৰি অসম উত্তপ্ত কৰি ৰখাৰ সময়তে লাহে লাহে জ্বলিবলৈ আৰম্ভ কৰিছে অসম৷ ক্ৰমান্বয়ে ক্ষোভিত হৈ পৰিছে অসমৰ লোক৷ ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট অনুসৰি পাহাৰীয়া জিলা অসমৰ প্ৰাণ প্ৰকৃতি ৰাণী ডিমা হাছাও জিলাক নাগালিমত অন্তৰ্ভুক্ত কৰিব বিছৰাত ৰাইজে আইন হাতত তুলি লৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে৷

সম্প্ৰতি প্ৰচাৰ মতে ডিমা হাছওৰ নাগৰিক তথা অসমৰ স্বাৰ্থৰ কথা জড়িত হৈ পৰা এই চুক্তিত ডিমা হাছাও সোমাই পৰিব নগালিমত৷ এয়া স্পষ্ট এই চুক্তিখন সম্পাদন কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অসমৰ ৰাইজৰ মতামত গ্ৰহণ কৰা নাছিল৷ সবিশেষ অৱগত নকৰোৱাৰ বাবে আজি দুৰ্ভাগ্যজনক ভাৱে প্ৰতিবাদ কৰিবলৈ আহি হিংসাৰ আশ্ৰয় লব লগা হয় ডিমা হাছওৰ ৰাইজে৷ ৰাইজ এতিয়া উগ্ৰ হৈ পৰিছে৷ ৰাইজক চৰকাৰে বুজনি দিয়াৰ তথা সকলো কথা স্পষ্ট কৰাৰ এতিয়াও সময় আছে বুলি কয় একাংশ সচেতন ডিমা হাছাওৰ লোকে৷

ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট চুক্তিত বৃহত্তৰ নাগালিম গঠনৰ কথা মানি লোৱা বুলি NSCN পক্ষই সদৰী কৰা কথা লহা লাহে পোহৰলৈ আহিছে৷ সেয়া নিশ্চিত হোৱাৰ পিছতে উগ্ৰমূৰ্তি ধাৰণ কৰে ডিমাছা ৰাইজে৷ অসমৰ ভূমি নাগালিমলৈ যোৱাটো খাতাং হৈ পৰাত নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টৰ বিৰুদ্ধে বৃস্পতিবাৰে প্ৰতিবাদত কপি উঠিল পাহাৰীয়া জিলা খনত৷ যোৱা ১২ নৱেম্বৰত ডিমা হাছাওৰ ৰাইজে প্ৰতিবাদ কৰিছিল এগ্ৰিমেন্টৰ বিৰুদ্ধে৷ ডিমা হাছাও আৰু হাফলং তিনিআলিত প্ৰতিবাদ সাব্যস্ত কৰি শ-শ লোকে নগা ফ্ৰেমৱৰ্ক চুক্তিৰ বিৰুদ্ধাচৰণ কৰিছিল৷

ডিমাছা জাতীয় সংগঠন, ছাত্র সংগঠনৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক সকীয়াই দিছিল। কিন্তু চৰকাৰে প্ৰতিবাদক গুৰুত্ব প্ৰদান কৰা নাছিল৷ যাৰ ফলত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট তথা ডিমা হাছওক নাগালিমত অন্তৰ্ভুক্ত কৰিব বিছৰাত তেজ আৰু প্রাণ দিম, কিন্তু মাটি এক ইঞ্চিও নিদিয়াৰ সংকল্পৰে বৃহস্পতিবাৰে মাইবংত সমবেত হয় হাজাৰ হাজাৰ ডিমাছা জনগোষ্ঠীৰ লোক৷ সহস্ৰাধিক প্রতিবাদীকাৰীয়ে ৰাজ পথ কপাই তোলে বৃহস্পতিবাৰে।

উল্লেখযোগ্য যে, বিজেপি মুৰ্দাবাদ, কেন্দ্রীয় চৰকাৰ মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল চৰকাৰ মুৰ্দাবাদ, নাগালেণ্ড গ'বেক আদি শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে। অসমৰ মাটি তথা ডিমা হাছাওৰ এক ইঞ্চি মাটিও কোনোপধ্যে এৰি নিদিও বুলি সকীয়নি প্ৰদান কৰে চৰকাৰক। প্ৰতিবাদকাৰীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিমাছাক মানুহ বুলি নাভাবে বুলি অভযোগ উত্থাপন কৰে। তেনে সময়তে একাংশ লোক উত্তেজিত হৈ পৰে৷ উত্তেজিত লোকসকলে ৰেল, ষ্টেছন গৃহ আদিত জধে-মধে আক্ৰমণ কৰিবলৈ কৰে৷

যাৰ ফলত কেইবাগৰাকী লোক আহত হয়৷ পাহাৰীয়া জিলা ডিমা হাছওক নাগালিমত অন্তৰ্ভুক্ত কৰিব বিছৰাত বৃহস্পতিবাৰে পুৱা ৫ বজাৰ পৰা ৫ ডিমাছা সংগঠনে ১২ ঘন্টীয়া ডিমা হাছাও বন্ধৰ আহ্বান জনায়৷ বন্ধৰ সময় ছোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মাইবং ৰেল ষ্টেছনত৷ শ-শ লোকে পুৱাই মাইবং ৰেল ষ্টেছনত সমবেত হৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ আৰ এছ এছ মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে শ-শ লোকে৷ সময়তে একাংশ উত্তেজিত লোকে ৰেলত আক্ৰমণ কৰাৰ লগতে শিলাবৰ্ষণ কৰে ষ্টেছনৰ গৃহত৷ ৰেলত আক্ৰমণ, গৃহত শিলাবৰ্ষণ কৰাৰ লগতে ৰেল লাইন উঠাবলৈ চেষ্টা কৰে একাংশ প্ৰতিবাদকাৰীয়ে৷ শিলচৰ অভিমুখী যাত্ৰীবাহী ৰে’ল আবদ্ধ কৰাৰ সময়তে নিৰাপত্তাৰক্ষীৰ প্ৰহাৰক ৫ জনকৈ লোক আহত হয়৷ যাত্ৰীবাহী ৰেল খনৰ ইঞ্জিনতো আক্ৰমণ কৰা দেখা যায়৷ উত্তজনা অব্যাহত আছে পাহাৰীয়া জিলা ডিমা হাছওত৷