
খেৰণিঃ চুবুৰীয় ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা ১৭গৰাকী এনডিএফবিৰ সদস্য অসমত প্ৰবেশ কৰা বুলি খোদ সেনা-আৰক্ষীৰ জালত পৰা এনডিএফবিয়ে প্ৰকাশ কৰাৰ পিছৰে পৰা ৰাজ্যত তীব্ৰ উত্তেজনা অব্যাহত আছে৷ কুটাঘাটৰ লক্ষ্যৰে অসমত প্ৰবেশ কৰা NDFB(S)ৰ ১৭ সদস্য বিছাৰি সেনা-আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৰাজ্যত৷ অসম আৰক্ষীয়ে বিটিএডিৰ গোৰেশ্বৰত আটক কৰা এজন NDFB(S)ৰ এগৰাকী সদস্যই এই বিস্ফোৰক স্বীকাৰোক্তি দিছিল৷
যোৱা ০৫ ডিচেম্বৰত বাক্সা জিলাৰ গোৰেশ্বৰৰ পৰা বঙালীপাৰা অভিমুখে গৈ থকা এখন যাত্ৰীবাহী বাছত তালচী চলাই আটক কৰা সদস্যজন ৰতন নাৰ্জাৰী(২৯)৷ বিদেশৰ মাটিত অত্যাধুনিক মাৰণাস্ত্ৰৰে প্ৰশিক্ষণ লৈ নতুনকৈ সদস্যভুক্ত কেডাৰে অসমৰ প্ৰবেশ কৰাৰ কথা প্ৰকাশ কৰে ৰতনে। ১৭ জনীয়া প্ৰশিক্ষণপ্ৰাপ্ত এনডিএফবি কেডাৰে ম্যানমাৰৰ পৰা আহি অসমত আশ্ৰয় লৈছিল বুলি প্ৰকাশ কৰে।
চাঞ্চল্যকৰ স্বীকাৰোক্তি দিছিল বাক্সা জিলাৰ গোৰেশ্বৰত আটকাধীন যুৱক ৰতন নাৰ্জাৰীয়ে। তাৰ পিছৰে পৰা সেনা-আৰক্ষীয়ে তীব্ৰ অভিযান চলাই এনডিএফবিৰ দলটোক জালত পেলাবলৈ৷ তাৰ মাজতে ১৩ ডিচেম্বৰত সেনা আৰু আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এন ডি এফ বিৰ ছাৰ্জেণ্ট মেজৰ ছোহেটান নাৰ্জাৰী নিহত হয়৷ সেনা-আৰক্ষীৰে সংঘৰ্ষত ছাৰ্জেণ্ট মেজৰ ছোহেটান নাৰ্জাৰী নিহত হোৱাৰ লগতে এনডিএফবিৰ এজন সদস্য গুলীবিদ্ধ অৱস্থাত পলায়ণ কৰিছিল৷
পলায়ণ কৰা সদস্যজনক সেনা-আৰক্ষীয়ে ভাৰত-ভূটান সীমান্তৰ ডুমবজাৰ-ৰাঙাপাৰাৰ পৰা অভিযান চলাই মাৰ্টিয়াছ নাৰ্জাৰী ওৰফে এন মাউতিক আটক কৰিবলৈ সক্ষম হয়৷ তাৰ মাজতে শনিবাৰে পুৱতি নিশা পাহাৰীয়া ডিমা হাছাও জিলাত আৰক্ষী-সেনা আৰু উগ্ৰপন্থী মাজত এক ভয়াবহ সংঘৰ্ষৰ লাগে। অসম-মেঘালয় সীমান্তৰ ডিমা হাছাওৰ তিনকিলো'ৰ আসাম কয়লা কোৱাৰীৰ ১৭নং ব্লকত সেনা-আৰক্ষী আৰু এনডিএফবিৰ মাজত সংঘটিত হয় ভয়ানক সংঘৰ্ষ লাগে।
আৰক্ষী-সেনা আৰু উগ্ৰপন্থীৰ মাজত দীৰ্ঘ সময়জুৰি সংঘটিত সংঘৰ্ষত আৰক্ষী-সেনাৰ গুলীত দুই উগ্ৰপন্থী থিতাতে নিহত হয়। যোৱা ৪ ডিচেম্বৰত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা মহিন্দ্ৰ ৰায় নামৰ লোক এজনক উগ্ৰপন্থী সংগঠনে অপহৰণ কৰিছিল আৰু লোকজনক অসম-মেঘালয়ৰ সীমান্তৰ আশে-পাশে লুকুৱাই ৰখাৰ খবৰ লাভ কৰিছিল মেঘালয় আৰক্ষীয়ে। অসম আৰক্ষী, মেঘালয় আৰক্ষী আৰু সেনাই সীমান্তৱৰ্তী অঞ্চলত উগ্ৰপন্থীৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ কৰে।
উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা অভিযানত ডিমা হাছাও জিলাৰ আসাম কয়লা কোৱাৰীৰ ১৭নং ব্লকত উগ্ৰপন্থীৰ এটা দলে আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰে আৰক্ষীয়ে। শুকুৰবাৰে পুৱতি নিশা অসম আৰক্ষী-সেনা আৰু মেঘালয় আৰক্ষীৰ এটা দল গৈ উক্ত স্থান ঘেৰাও কৰে৷ সেনা-আৰক্ষীয়ে উক্ত ঠাইত উপস্থিত হোৱাৰ পিছতে উগ্ৰপন্থীয়ে সেনা-আৰক্ষীত লক্ষ্য কৰি গুলী চালনা কৰে৷
আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ আৰম্ব কৰে আৰক্ষী-সেনাই৷ দীৰ্ঘ সময় ধৰি চলা গুলীয়াগুলীৰ অন্তত সকলো নিঃশব্দ হৈ পৰে আৰু ঘটনাস্থলীৰ পৰা দুটাকৈ উগ্ৰপন্থীৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। সংঘৰ্ষস্থলিৰ পৰা ১টা ৯ এম এম পিষ্টল আৰু বহু অপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিবলৈও সক্ষম হয় অভিযানকাৰী দলটোৱে।
ইতিমধ্যে নিহত হোৱা উগ্ৰপন্থী দুটা এন ডি এফ বি-ৰ সঞ্জয় বড়ো (২২) আৰু প্ৰচেনজিৎ মোছাহাৰী (৩৮) বুলি চিনাক্ত কৰাৰ লগতে অপহৃত মহিন্দ্ৰ ৰায়ক সুশৰীৰে উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে৷ উমৰাংছ'ত নিহত উগ্ৰপন্থী দুজনৰ পৰা উদ্ধাৰ কৰা পৰিচয় পত্ৰ আদিৰ সহায়ত নিহত উগ্ৰপন্থী দুটা সঞ্জয় বড়ো আৰু প্ৰসেনজিৎ মোছাহাৰী বুলি আৰক্ষীয়ে চিনাক্ত কৰে৷