ডিমাকুছিত ভয়াৱহ পথ দূৰ্ঘটনা, থিতাতে এগৰাকী মহিলাৰ মৃত্যু

newsnextone.com।ডিমাকুছিঃ ডিমাকুছিৰ বামুণজুলি কালিখোলা ৰাস্তাত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত ভয়ানক পথ দূৰ্ঘটনা হয়।দূৰ্ঘটনাত  থিতাতে নিহত হয় এগৰাকী মহিলা। মৃত্যু হোৱা মহিলাগৰাকী ২ নং বামুণজুলিৰ বাসন্তী বাইগা (৪৮)বুলি জানিব পৰা গৈছে।

দূৰ্ঘটনাটোত নালাপাৰাৰ পৰা কেচাঁ চাহপাত কঢ়িয়াই তীব্ৰ গতিত আহি থকা  এএছ-১২-এচি-৩৮৮৮ নম্বৰ বলেৰ' পিক আপ (ডিআই)গাড়ী এখনে মহিলাগৰাকীক মহতিয়াই নিয়ে। স্থানীয় ৰাইজে ঘটনা স্থলীৰ পৰা লগে লগে ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স যোগাযোগ কৰে যদিও বহু সময় পাৰ হোৱাৰ পাছতো উপস্থিত নহ'ল। যাৰ ফলত দূৰ্ঘটনা সংঘটিত হোৱা মহিলা গৰাকীৰ মৃত্যু হয়।