ডিমাপুৰত অসমৰ দৰিদ্ৰ পৰিয়ালৰ আটাইকেইজন সদস্যৰ মৃত্যু, হত্যাৰ সন্দেহ

newsnextone.com | মৰিগাঁওঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰ চহৰৰ কুচিয়াবিলত অসমৰ একেটা পৰিয়ালৰ ৪গৰাকী লোকৰ মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বৰচলা গাঁৱৰ পৰিয়ালটোৰ ৬ বছৰীয়া শিশু সহ ৪গৰাকী লোকৰ মৃত্যু হয়৷

ডিমাপুৰত ৰাজমিস্ত্ৰী হিচাপে যোৱা ১০ বছৰ থাকি পৰিয়াল চলাই থকা লাল মিঞা নামৰ লোকজন সহ পৰিয়ালটোৰ আটাইকেইজন সদস্যৰ মৃতদেহ এটা ঘৰৰ ভিতৰৰ পৰা শনিবাৰে উদ্ধাৰ হয়৷ জানিব পৰা মতে, উক্ত ঘৰটোত যোৱা কেইবাটাও বছৰ ধৰি লাল মিঞাই পত্নী দুই সন্তান সহ বাস কৰি আছিল৷

লাল মিঞা (৩৮), পত্নী আথিয়া বেগম (৩০), পুত্ৰ আম্ৰাজুল আলী(১৭) আৰু ৰবিজা খাটুন (৬) মৃতদেহ উদ্ধাৰ হয়৷ বৰ্তমান ডিমাপুৰ চিভিল হস্পিতালত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ কেইটা ৰখা হৈছে বুলি জানিব পৰা গৈছে৷ আনহাতে স্থানীয় আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি থকা বুলি জানিব পৰা গৈছে৷

বৰ্তমানলৈ মৃত্যুৰ কাৰণ পোহৰলৈ অহা নাই৷ সদস্যকেইজনৰ ডিঙিত আঘাতৰ চিন থকা বুলি কৈ পৰিয়ালৰ লোকে আটাইকেইজনক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে৷ মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ বৰচলা গাঁৱৰ পৰা যোৱা দহ বছৰৰ পূৰ্বে ডিমাপুৰত গৈ ৰাজমিস্ত্ৰী কাম কৰি পৰিয়ালৰ পোহপাল দিছিল বুলি অসমৰ পৰিয়ালৰ লোকে অৱগত কৰে৷