ৰাজ্যৰ প্ৰথমখন দীনদয়াল মহাবিদ্যালয় উদ্বোধন মন্ত্ৰী হিমন্তৰ

অভয়াপুৰীঃ দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰাৰ বিৰুদ্ধে ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ দীনদয়াল বিতৰ্ক অব্যাহত থকাৰ মাজতে আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী টুলুঙীয়াস্থিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয় উদ্ধোধন কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বানিজ্য বিভাগ মহাবিদ্যালয়খন উদ্ধোধন কৰি মন্ত্ৰীগৰাকীয়ে দীনদয়াল উপাধ্যায়ে ভাৰতবৰ্ষত মানৱতাবাদ ৰোপন কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰে।  

মহাবিদ্যালয় খন উদ্ধোধন কৰি দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয় খন অতি কম সময়ৰ ভিতৰত সাজি উলিওৱাৰ বাবে বঙাইগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, গড়কাপ্তানী বিভাগৰ লগতে বিভাগটোৰ ঠিকাদাৰ ৰুদ্ৰ পাঠকৰ শলাগ লয়।

ইপিনে দীনদয়াল নামাকৰণ সন্দৰ্ভত চলি থকা বিতৰ্কক একপ্ৰকাৰ নস্যাৎ কৰি মন্ত্ৰী গৰাকীয়ে যিসকলে বিতৰ্ক কৰে কৰি থাকক আমি গাঁৱে-ভূঞে, চহৰে-নগৰে বিদ্যালয়-মহাবিদ্যালয় স্থাপন কৰি শিক্ষাৰ বন্তি জ্বলাই অসম খনক ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্যত পৰিনত কৰিম বুলি কয়।

আনপিনে বিলাসীপাৰা আৰু গোলকগঞ্জত কন্যা মহাবিদ্যালয় আৰু বঙাইগাঁৱত এখন অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলি আজি ঘোষণা কৰে হিমন্তই।

আজি মন্ত্ৰীগৰাকীৰ আগমনৰ প্ৰাকমুহূৰ্তত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদো সাব্যস্ত কৰে। এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সাধাৰণ ৰাইজে কেতিয়াও দীনদয়াল নাম সম্পৰ্কে বিতৰ্ক কৰা নাই বুলি কৈ কৃষক মুক্তিয়ে কি মুক্তি কৰে কৰি থাকক আমি ছাত্ৰ-ছাত্ৰীৰ মুক্তিৰ চিন্তা কৰিম বুলি কটাক্ষ কৰে সংগঠনটোক।