
জাজৰিঃ সৰ্বভাৰতীয় দ্বিনী তা'লিমী বৰ্ডে মুছলিম সমাজত বুনিয়াদী দ্বিনী শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ গুৰুত্ব বৃদ্ধি তথা প্ৰয়োজনীয়তা সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশত দহদিনীয়া সজাগতা অভিযান কাৰ্যসূচী হাতত লোৱা বুলি জানিব পৰা গৈছে।
দ্বিনী তা’লিমী বৰ্ডৰ আহ্বান মৰ্মে নগাঁও জিলাৰ ছালনাবড়ী আঞ্চলিক দ্বিনী তা’লিমী বৰ্ডৰ উদ্যোগত উত্তৰ-পশ্চিম আমলক্ষী জামে মছজিদ প্ৰাংগণত দেওবাৰে সজাগতা সভা অনুষ্ঠিত হৈ যায়।
পুৱা আঠ বজাত মৌলানা আমানুল্লাহৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত শিক্ষাবিদ মাইনুল হক খান উপস্থিত থাকি শিক্ষা এটা জাতিৰ মেৰুদণ্ড আৰু শিক্ষাৰ মাধ্যমেৰে হে আমাৰ সমাজব্যৱস্থাক পৰিৱৰ্তন কৰিব লাগিব বুলি কয়।
হাফিজ ও ক্কাৰী ছাব্বীৰ আহমেদে কোৰাণ পাঠেৰে আৰম্ভ কৰা সজাগতা সভাখনৰ উদ্দেশ্য ব্যখ্যা কৰে শ্বহিদুল ইছলামে। সমাজৰ পৰা শিশু শ্ৰমিক বন্ধ কৰাৰ ক্ষেত্ৰত সকলোৱে সজাগ হৈ শিশুৰ মৌলিক অধিকাৰ শিক্ষা গ্ৰহণৰ ব্যৱস্থা কৰি দিবলৈ সকলোৰে সহযোগিতা কামনা কৰে সমাজকৰ্মী চিৰাজুল ইছলামে।
সভাৰ পূৰ্বে ছালনাবড়ী আঞ্চলিকৰ অন্তৰ্গত ৬খন ছোবাহী মক্তৱৰ প্ৰায় পাঁচ শতাধিক কণ-কণ ছাত্ৰ-ছাত্ৰীয়ে সজাগতামূলক সমদল উলিয়াই শিক্ষা আমাৰ মৌলিক অধিকাৰ, শিক্ষাৰ বাবে সজাগ হওঁক, শিক্ষা লাগে-শিক্ষা দিয়ক, শিশু শ্ৰমিক বন্ধ কৰক, দ্বিনী তা’লিমী বৰ্ড অমৰ হওঁক আদি শ্ল’গান প্ৰদান কৰে।