
ওদালগুৰিঃ সমাগত পোহৰৰ উৎসৱ দীপাৱলী৷ ধৰাৰ বুকুত শৰতৰ আবিৰ সানি পোহৰৰ ৰং সিচিবলৈ মজত মাথো কেইটামান দিন বাকী৷ কাতি বিহু আৰু পোহৰৰ উৎসৱ দিপান্বিতাৰ লগে লগে এতিয়া সমগ্ৰ ৰাজ্য জুৰি বৈছে উছাহৰ ঢৌ৷ ইফালে এই দুই উৎসৱক কেন্দ্ৰ কৰি ব্যস্ততা বাঢ়িছে মৃৎ শিল্পী সকলোৰো৷
সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৃৎ শিল্পী সকলৰ লগতে চাহিদালৈ লক্ষ্য কৰি ওদালগুৰিতো মৃৎ শিল্পী সকলে হাজাৰ হাজাৰ মাটিৰ চাকিৰে ভৰাই তুলিছে বজাৰ৷ ইফোালে ৰং বিৰঙৰ মমবাতি আৰু লাইটে মৃৎ শিল্পী সকলৰ কষ্টৰ থলুৱা বজাৰখন সেৰেঙা কৰি তোলাত বিপাঙত পৰিছে এই শিল্পী সকল৷
চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য লাভ নকৰাকৈ নিজ মূলধনেৰে অতি কষ্টৰে গঢ়ি তোলা এই মৃৎ শিল্পসমূহৰ বিৰুদ্ধে প্ৰত্যাহ্বানৰূপে ঠিয় দিছে চীনত নিৰ্মিত বিভিন্ন আলোকসজ্জাৰ সামগ্ৰীসমূহে। ফলত ধ্বংসৰ মুখলৈ গতি কৰিছে এই সমূহ ক্ষুদ্ৰ শিল্পই।
যাাৰ পৰিপ্ৰেক্ষিতত শিল্পীসকলে সাহায্যৰ বাবে চৰকাৰক কাতৰ অনুৰোধ জনাবলৈ বাধ্য হৈ পৰিছে৷