
তেজপুৰ টাউনঃ সমগ্ৰ দেশৰ লগতে অসমতো পোহৰৰ উৎসৱ দিপাৱলী উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ মাজতে মাথো ৪টা দিন বাকি থকা অৱস্থাত ৰাজ্যৰ চুকে-কুণে মৃৎ শিল্পীসকলৰ ব্যস্ত বাঢ়িছে৷ মৃৎ শিল্পীসকলে সাজু কৰি উলিয়াইছে বিভিন্ন তৰহৰ মাটিৰ চাকি।
সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তেজপুৰৰ মহিলা সকলৰ মাজতো ব্যাপক ব্যস্ততা দেখিবলৈ পোৱা গৈছে। সাজু কৰি উলিয়াইছে ৰং-বিৰঙৰ জাকজমকীয়া মমবাতি।
তেজপুৰৰ জিলা বানিজ্যিক কেন্দ্ৰ ডিআইচি কৰ্তৃপক্ষই বিগত বছৰৰ জুন মাহৰ পৰাই তেজপুৰৰ বিভিন্ন প্ৰান্তৰ মহিলাক বাবুল বড়ো, পুবেৰুণ শৰ্মা আৰু কুমাৰ শৰ্মাই মমবাতি প্ৰস্তুত কৰা সন্দৰ্ভত প্ৰশিক্ষণ দিয়ে। প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলে ১২ অক্টোবৰৰ পৰা ১৭ অক্টোবৰলৈ এখন প্ৰদৰ্শনী তথা বিক্ৰী মেলা অনুষ্ঠিত কৰে৷ ডিআইচিৰ প্ৰাংগনত অনুষ্ঠিত মেলা খনত যথেষ্ট লোকৰ সমাগম হোৱা দেখা গৈছে৷ মেলাখনত ২০ টকাৰ পৰা ৫০০ টকা পৰ্যন্ত মমবাতি বিক্ৰি হোৱা দেখা গৈছে।