আন্ধাৰ বিনাশী পোহৰ বিলাবলৈ আহিছে দীপাৱলী

প্ৰতিকী ফটো
প্ৰতিকী ফটো

নগাঁওঃ পোহৰৰ উৎসৱ দীপাৱলী উদযাপনলৈ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী৷ অমাৱশ্যাৰ ঘোৰ আন্ধাৰ আঁতৰাই সৰ্বত্ৰে ৰঙীন পোহৰৰ মায়াজাল সৃষ্টি কৰাৰ অৰ্থে সাজু হৈছে সমগ্ৰ দেশৰ লগতে অসমবাসী৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে নগাঁও জিলাটো এতিয়া উখল-মাখল পৰিৱেশ৷ 

জিলাখনৰ প্ৰান্তে প্ৰান্তে থকা দোকান, বজাৰ, বাসগৃহ, কাৰ্যালয় আদি সকলোতে পৰিলক্ষিত হৈছে দীপাৱলীৰ উছাহ-উদ্দীপনা৷ ফটকা-আটচবাজী, সাজ-পাৰ আৰু গৃহ সজ্জাৰ নানা সামগ্ৰীৰে ভৰি পৰা নগাঁও চহৰকে প্ৰমুখ্য কৰি জিলাখনৰ সকলোবোৰ ব্যৱসায় প্ৰধান অঞ্চলৰ সৰু-বৰ দোকান তথা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু মিঠাইৰ দোকানবোৰত চৰম ব্যস্ততামুখৰ পৰিৱেশত দেখা গৈছে ক্ৰেতাৰ ভিৰ৷ তদুপৰি দোকান-পোহাৰ, কাৰ্যালয়, আৱাসগৃহৰ উপৰি হোটেল, ৰেষ্টুৰেন্ট, ধাবা আদিবোৰ দুগুণ উৎসাহেৰে ৰঙীন বিজুলী-বাতিৰে আটকধুনীয়াকৈ সজাই-পৰাই তোলা দেখা গৈছে৷ 

ইফালে, জগমগ, ৰকেট, জলকীয়া ব’ম, কলগছ, কেৰেলুৱা, চকলেট আদি বিভিন্ন তৰহৰ ফটকা আৰু ফুলজাৰিৰে দোকান-বজাৰ ভৰি পৰিছে যদিও এইবোৰৰ গগণচুম্বী দৰৰ বাবে ক্ৰয় কৰাৰ বেলিকা সৰ্বসাধাৰণ লোকসকল থমকি ৰ’বলৈ বাধ্য হৈছে৷ বিগত বৰ্ষৰ তুলনাত এইবেলি প্ৰতিবিধ ফটকা কিম্বা ফুলজাৰিৰ দাম আশ্চৰ্যজনকভাবে দুই-তিনি গুণ বৃদ্ধি পোৱাত ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ 

অভিযোগ মতে, এই সামগ্ৰীবোৰৰ দাম খুচুৰা বিক্ৰেতাসকলে চৰম মইমতালিৰে নিৰ্ধাৰণ কৰি সহজ-সৰল ক্ৰেতাক ৰামঠগন দিছে৷ এইবাৰ নগাঁৱৰ বজাৰত ৫০-৭০ টকাৰ পৰা আৰম্ভ কৰি সৰ্বোচ্চ ৩০০০-৬০০০ টকা লৈকে বিভিন্ন দামৰ ফটকা আৰু আতচবাজী উপলব্ধ বুলি জানিব পৰা গৈছে৷ কিন্ত দেৱালীৰ আনন্দ উপভোগ কৰাৰ নামত যাতে অত্যুৎসাহী জনতাই হকে-বিহকে অধিক উচ্চ প্ৰাৱল্যৰ ফটকা-আটচবাজী ফুটাই শান্তি-শৃংখলা বিঘ্নিত কৰিব নোৱাৰে, তাৰ বাবে জিলা প্ৰশাসনক কাৰ্যকৰী পদক্ষেপ গ্ৰহণৰ অনুৰোধ জনাইছে নগঞা সচেতন নাগৰিকসকলে৷ 

ইফালে, উৎসৱ বুলিলেই সুৰা আৰু জুৱাৰ অভাৱনীয় সমাহাৰ ঘটাই ধন ঘটাত সিদ্ধহস্ত অসাধু চক্ৰই এইবেলিও দীপাৱলীত তেনে সমাজবিৰোধী কাম-কাজ সাধনৰ কাৰণে তৎপৰ হৈছে৷ সাধাৰণতে দীপাৱলীত সুৰা আৰু জুৱাৰ পয়োভৰ আন উৎসৱৰ তুলনাত অধিক হোৱা দেখা যায়৷ 

তদ্ৰুপ এইবাৰো জিলাখনৰ প্ৰান্তে প্ৰান্তে ব্যাপক হাৰত লাখ লাখ টকাৰ জুৱা খেলৰ লগতে অবৈধভাৱে সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাটো নিশ্চিত৷ সেয়ে এনে অসামাজিক কাম-কাজ ৰোধৰ কাৰণে জিলা প্ৰশাসন তথা আৰক্ষী আৰু আবকাৰী বিভাগে আজি কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব৷