দীপাৱলী উপলক্ষে মানসিক ৰোগীৰ মাজত শিমলুগুৰি আৰক্ষী

শিমলুগুৰিঃ পোহৰৰ উৎসৱ দীপাৱলী। সমগ্ৰ দেশে পোহৰৰ মায়াজালত আৱদ্ধ হোৱাৰ মাজতে দীপাৱলী পালন কৰিলে নাজিৰাৰ মানসিক বিকাৰগ্ৰস্ত লোক সকলেও।

আজি শিমলুগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উজ্জ্বল গোস্বামীয়ে সহকৰ্মী, গাওঁৰক্ষী বাহিনী সদস্য আৰু শিমলুগুৰিৰ কেইজনমান উদীয়মান যুৱকক লগত লৈ দীপাৱলীৰ শুভকামনা জনালে নাজিৰাৰ বৰতলস্থিত Human Welfare Society নাজিৰাৰ দ্বাৰা পৰিচালিত অসমৰ একমাত্র মহিলা মানসিক ৰোগী পুণৰ সংস্থাপন কেন্দ্ৰত৷

অসমৰ বিভিন্ন ঠাইৰ কেইবাগৰাকী মানসিক ৰোগীৰ সৈতে মত বিনিময় কৰি অনুষ্ঠানটোৰ বুজ লোৱাৰ লগতে মিঠাই আৰু লঘু আতচবাজীৰ সামগ্ৰী বিতৰণ কৰে।

নাজিৰাৰ সমাজ সংগঠক নাচেৰ খান আৰু কেইজনমান অগ্ৰণী ব্যক্তিৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই অনুষ্ঠানটোৱে মানসিক ৰোগীৰ বিনামুলীয়া চিকিৎসা আৰু পুণৰ সংস্থাপনৰ ক্ষেত্ৰত সমাজলৈ অনবদ্য অৱদান আগবঢ়াই আহিছে।