কি মানসিকতাৰে গাঁওবুঢ়াই টেৰণক মাতি আনি নিজ চোতালতে কৰিলে হত্যা?

ডিফুঃ কাৰ্বি পাহাৰত অন্ধ বিশ্বাসৰ বাবে সংঘটিত হ'ল আন এক নাৰকীয় হত্যাকাণ্ড ৷ যোৱা ৯ নৱেম্বৰত কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত কলুৰডুঙত এহাল দম্পতীক ডাইনী সজাই অত্যাচাৰ চলোৱাৰ ঘটনা মাৰ নৌযাওঁতেই পুণৰ বকলিয়াঘাটৰে ডিচ'বাইত আন একাংশ লোকে ডাইনীৰ সন্দেহত ছচেন টেৰণ নামৰ এজন বৃদ্ধ লোকক পাশৱিক আক্ৰমণ কৰি হত্যা কৰা ঘটনাত কাৰ্বি পাহাৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, এলেকাটোত কেইবাজনো লোকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি স্থানীয় একাংশ লোকে গাওঁখনৰ ছচেন টেৰণক কালী সাধনা কৰা বুলি কৈ তেওঁৱেই ডাইনী হোৱাৰ বাবে লোককেইজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰে ৷ যোৱা নিশা লুণছে তিমুঙ গাঁৱৰ গাওঁবুঢ়াৰ ঘৰত টেৰণসহ টেৰণ পৰিয়ালক তলব কৰা হয় ৷ গাওঁবুঢ়াৰ চোতালত টেৰণক ডাইনী সজাই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ৷

পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে একাংশ উন্মত্ত লোকে ছচেন টেৰণক মাছ ধৰা জালেৰে মেৰিয়াই নৃশংসভাৱে আক্ৰমণ কৰাৰ ফলত টেৰণৰ ঘটনাস্থলীতে কৰুণভাৱে মৃত্যু হয় ৷

আক্ৰমণকাৰীসকলে টেৰণৰ পুত্ৰ বিমল টেৰণ, কন্যা কা এট  টেৰণপী আৰু ২বছৰীয়া  নাতিয়েক  কাজে টেৰণপীকো আক্ৰমণ কৰাৰ লগতে টেৰণৰ পৰিয়ালটোক গাঁও এৰি যাবলৈ হুমকি দিয়ে ৷

ঘটনাৰ খবৰ পাই বকলিয়াঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ টেৰণৰ মৃতদেহ আৰু টেৰণৰ পৰিয়ালক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আনহাতে ডিফুৰপৰা আৰক্ষীৰ এক উচ্চস্তৰীয় দলে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এলেকাটোৰপৰা গাঁওবুঢ়াসহ ১৯ জন লোকক আটক কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰে ৷

একাবিংশ শতিকাৰ চৌদিশে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ জয় জয় ময় ময় অৱস্থাত অন্ধ বিশ্বাসৰ ফলত কাৰ্বি পাহাৰত ইটোৰ পাছত সিটো নাৰকীয় হত্যাকাণ্ডত নিৰিহ লোকে প্ৰাণ হেৰুৱা ঘটনাই অঞ্চলটোত বিজ্ঞানৰ প্ৰসাৰতাহীনতাকে সূচাইছে।