জেনিছা হত্যাৰ পিছত পুনৰ কঁপিছে ডিফু, জেলত কয়দীয়ে ধৰ্ষণ কৰিলে নিৰাপত্তাৰক্ষীৰ পত্নীক

ডিফুঃ যোৱা ২৩ এপ্ৰিলত ডিফুত এগৰাকী কলেজীয়া ছাত্ৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰি যোৱা কেইবাটাও দিন ধৰি কাৰ্বি পাহাৰ উত্তাল হৈ আছে৷ বকলিয়াঘাট আৰক্ষী থানা এলেকাৰ লাংবুংঘাট নিবাসী তথা ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী জেনিছা ইংতিপিক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি ডিফু চহৰ প্ৰতিদিনে উত্তাল হৈ থকা সময়তে শনিবাৰে পোহৰলৈ অহা আন এটা ঘটনাই কাৰ্বি পাহাৰৰ ৰাইজৰ চকু কপালত উঠিছে৷ 

খোদ জেলৰ কয়দীৰ নিৰাপত্তাৰ বাবে নিয়োজিত এগৰাকী নিৰাপত্তাৰক্ষীৰ পত্নীক জেলৰ আবাসত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাত ৰাইজে কবলৈ বাধ্য হৈছে যদি জেলৰ চৌহদতে আৰক্ষীৰ পৰিয়ালৰ লোক সুৰক্ষিত নহয় তেন্তে ৰাজ্যৰ জনসাধৰণ সুৰক্ষিত হ’ব কেনেদৰে৷  

কাৰ্বি আংলং জিলাৰ ডিফু চহৰস্থিত জিলা কাৰাগাৰৰ ভিতৰত কয়দীয়ে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ডিফুৰ জিলা কাৰগাৰৰ ভিতৰৰ আবাসত জেলৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীসমূহৰ পৰিয়াল থাকে৷ যোৱা ২৪ এপ্ৰিলত এগৰাকী নিৰাপত্তাৰক্ষীৰ পত্নী আবাসত অকলে আছিল৷ অকলে থকাৰ সময়ত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কয়দীয়ে ধৰ্ষণ কৰে৷   

ডিফু সদৰ থানাত উপস্থিত হৈ ডিফুৰ জিলা কাৰাগাৰৰ সুৰক্ষাত নিয়োজিত ৱাৰ্ডেনাৰ আৰু তেওঁৰ পত্নীয়ে সাংবাদিকৰ আগত কয় যে যোৱা ২৪ এপ্ৰিলত ডিফু কাৰাগাৰত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত এটা কয়দীয়ে ঘৰত কোনো নথকাৰ সুযোগলৈ আবাসত প্ৰৱেশ কৰে৷ আবাসত প্ৰৱেশ কৰি সুৰক্ষা কৰ্মীজনৰ পত্নীক চোকা অস্ত্ৰৰে দেহত লগাই ভাবুকি প্ৰদান কৰি স্নানাগাৰলৈ নি ধৰ্ষণ কৰে৷ 

এই সন্দৰ্ভত জেল কৰ্তৃপক্ষক অৱগত কৰি একো সঁহাৰি নাপাই শনিবাৰে পতি-পত্নীয়ে এজাহাৰ দাখিল কৰে৷ সুৰক্ষা কৰ্মীৰ পত্নীৰ ডিঙিত কয়দীজনে লগাই দিয়া অস্ত্ৰৰ আঘাতৰ চিন স্পষ্ট হৈ আছে ৷ ধৰ্ষিতা মহিলাগৰাকীয়ে দেখিলে চিনি পাব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ 

আনহাতে এজাহাৰ লাভ কৰি শীৰ্ষ আৰক্ষী বিষয়া আৰু ডিফু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনা সন্দৰ্ভ ডিফু কাৰাগাৰলৈ গৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে৷ আনহাতে আৰক্ষী সূত্ৰে জানিব পৰা মতে ফিৰোজ ৰাজপুত নামৰ(৩৫) হছৰীয়া কয়দী জন অইন এখন জিলাৰ পৰা হত্যাৰ গোচৰত স্থানান্তৰ হৈ যাৱজ্জীৱন কয়দী হিচাপে জীৱন যাপন কৰি আছে৷