কাৰ্বি আংলং জিলা মহিলা সমিতিৰ উদ্যোগত কৌমী একতা সভা সম্পন্ন

ডিফুঃ "ভাৰতীয় সমাজত নাৰীৰ গুৰুত্ব আৰু ভূমিকাক" বিষয় হিচাপে লৈ  যোৱা ১৯ নৱেম্বৰৰপৰা ২৫ নৱেম্বৰলৈ কৌমী একতা সপ্তাহ পালন কৰাৰ সমান্তৰালকৈ শনিবাৰে কাৰ্বি আংলং জিলা মহিলা সমিতিৰ উদ্যোগত ডিফুস্থিত জিলা মহিলা সমিতিৰ মুখ্য কাৰ্যালয়ৰ সভাকক্ষতো কৌমী  একতা সপ্তাহ পালন কৰা হয়৷

এই উপলক্ষে কিৰণ কলিতাৰ পৌৰুহিত্যত এখনি মুকলি সভা অনুষ্ঠিত হয়৷ সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু পৰিচালনা কৰে সুৱৰ্ণ বৰুৱা চেতিয়াই৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিফু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰঞ্জিত সেন, নিৰ্দিষ্ট বক্তা হিচাপে ডিফু মছজিদ কমিটীৰ সাধাৰণ সম্পাদক মজাহাৰুল ইছলাম,  ডিফু সাহিত্য সভাৰ প্ৰাক্তন সমিতি তথা বিশিষ্ট কবি পাৰি ৰংপি আৰু চয়নিকা বৰ্মণ৷ 

ইয়াৰোপৰি জিলাখনৰ বিভিন্ন প্ৰান্তৰপৰা জিলা মহিলা সমিতিৰ বিষয়ববীয়া, সদস্যা আৰু অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ একাংশ ছাত্ৰীয়ে সভাত অংশগ্ৰহণ কৰে ৷ সভাত বক্তাসকলে ভাৰতীয় সমাজত নাৰীৰ গুৰুত্ব আৰু ভূমিকা সন্দৰ্ভত মূল্যৱান ভাষণ প্ৰদান কৰে৷

নাৰীৰ সমমৰ্যাদা, সমবিকাশৰ লগত ফেৰ মাৰবিলৈ ভাৰতীয় মহিলাই পুৰুষৰ সমানে সমানে বিজ্ঞান, প্ৰযুক্তি, কলাকৃষ্টি,  সংস্কৃতি, ক্ৰীড়া আদি বিভন্ন দিশত ঈৰ্শনীয় সফলতা লাভ কৰি ভাৰতীয় জাতীয় জীৱনক শক্তিশালী ৰূপত দাঙি ধৰিবলৈ সক্ষম হৈছে বুলি চয়নিকা বৰ্মণে ভাষণ প্ৰসংগত উল্লেখ কৰে।  ডিফু মছজিদ কমিটীৰ সাধাৰণ সম্পাদক আৰু ৰেংবংহম হাইস্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক মজাহাৰুল ইছলামে নিজৰ ভাষণ প্ৰসংগত কয় যে, মহিলা সকল সমাজৰ চালিকা শক্তি, মহিলাক এৰি এখনি সুস্থ সমাজ পৰিকল্পনা কৰা অসম্ভৱ৷

একোগৰাকী নাৰীয়ে শৈশৱৰ  অৱস্থাৰপৰা যৌৱন, বিবাহৰ মাজেৰে অতিক্ৰম কৰি আইতা লৈকে ক্ৰমে কন্যা, বান্ধৱী, পত্নী আইতা আদিৰ দৰে ভূমিকা পালন কৰি  এক কঠিন পৰিক্ৰমাৰ মাজেৰে সমাজ ব্যৱস্থাক অমৃত প্ৰদান কৰি আহিছে ৷ ভাৰতীয় সমাজ ব্যৱস্থাৰ একতাক একাংশ অপশক্তিয়ে নিজ ন্যস্তস্বাৰ্থ সিদ্ধি কৰিবলৈ বিভেদৰ বীজ সিঁচি দিছে ৷ অৱশ্যে ইয়াক ৰাজনৈতিক কাৰণ বুলি তেওঁ সন্দেশ প্ৰকাশ কৰিছে৷ নাৰী সকলৰ ভূমিকা আদিৰেপৰা বৰ্তমানলৈকে অৱধাৰিতভাৱে ৰূপত চিৰ প্ৰবাহমান হৈ আছে আৰু হৈ থাকিব বুলি উল্লেখ কৰে৷