
newsnextone.com | ডিফুঃ ‘আহ, ঐ আহ, ওলাই আহ’ বুলি চিঞৰি আকৌ এবাৰ ওলাই আহিল কাৰ্বি পাহৰৰ জনগণ৷ খেদ ঐ খেদ বাংলাদেশী খেদ বুলি কৈ উনুকিয়াই দিলে অসম আন্দোলনৰ স্মৃতি সমূহ৷ শুকুৰবাৰে পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিৰ দাবীত একত্ৰিত হ’ল কেইবা হাজাৰ লোক৷
ভোৰ তাল বজাই হাতে হাতে প্লে-কাৰ্ড, বেনাৰ, ফেষ্টুন লৈ বিজেপি গ'বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, অসম চুক্তি ৰূপায়ণ কৰক, খেদ ঐ খেদ বাংলাদেশী খেদ, আছে হেংদাং লোৱা নাই-ললে হেংদাং ৰক্ষা নাই আদি ধ্বনিৰে ডিফু চহৰৰ আকাশ-বতাহ কঁপাই তোলে ৰাজপথলৈ ওলাই আহি সমদলত অংশ লোৱা হাজাৰ হাজাৰ লোকে৷
সদৌ অসম ছাত্ৰ সন্থা, সদৌ কাৰ্বি আংলং ছাত্ৰ সন্থা আৰু কেএছএৰ সহযোগত ২৬টা জনগোষ্টীয় সংগঠনৰ আহ্বান মৰ্মে ডিফুত বিধেয়কৰ বিৰুদ্ধে গণ সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰখৰ ৰ'দকো নেওচি জাতি, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বিভিন্ন দল-সংগঠন আৰু ছাত্ৰ-ছাত্ৰীয়ে ঐতিহাসিক ডিফু ক্লাৱত সমবেত হৈ গণ সত্যাগ্ৰহ কাৰ্যসূচী সফল কৰে৷ গণ সত্যাগ্ৰহ কাৰ্যসূচীত কৰ্মচাৰী পৰিষদ, সদৌ ডিমাচা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, ডিফু সাহিত্য সভা, তিৱা ছাত্ৰ সন্থা, বড়ো ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, কাৰ্বি সাহিত্য সভা, ডিমাছা সাহিত্য সভা, পূৰ্বাঞ্চল তাই সাহিত্য সভা, তাই আহোম কালচাৰেল ছ'চাইটি, কেএনচিএ, এইচপিৱাইএ, সমন্বয়ৰক্ষী নামঘৰ সমিতি, ডব্লিউ জে এফ, লেখিকা সমাৰোহ, এছৱাইচি আৰু এছৱাইজে অংশ লয়৷
বিভিন্ন দল-সংগঠনৰ নেতৃত্বই একে অসমৰ বাবে অভিশাপ স্বৰূপ বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰে৷ কেৱল ভোট বেংকৰ স্বাৰ্থত হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰি অসমীয়া খিলঞ্জীয়া জনগোষ্ঠীক স্ব-ভুমিতে সংখ্যালঘু কৰাৰ বিজেপিৰ ষড়যন্ত্ৰক ধিক্কাৰ দিয়াৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবী জনায়৷ এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত স্পষ্টভাবে ওলাই পৰিব বুলি কৈ বাংলাদেশী নাগৰিকক বাংলাদেশৰ সৈতে ভাৰত চৰকাৰে দ্বিপাক্ষিক চুক্তি কৰি বিতাড়ন কৰাৰ বাবে চৰকাৰক আহ্বান জনায়৷
কাৰ্বি লামেট আমেইৰ জয়চিং টকবীয়ে কয় যে, ইতিমধ্যে কাৰ্বি আংলঙত বহু পূৰ্ব বংগীয় লোকক সংস্থাপন কৰা হৈছে সেয়া নকৈ কোনো বাংলাদেশীক জিলাখনত সংস্থাপন হোৱাটো কাৰ্বি লামেট আমেই মানি নলয়৷ গণ সত্যাগ্ৰহ কাৰ্যসুচীত আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া, আছুৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক ত্ৰিদিপ বৰা, এইছ এছডিচিৰ সাধাৰণ সম্পাদক লাইচান ইংলেঙ, আছুৰ ডিফু আঞ্চলিকৰ সভাপতি সম্পাদক শ্যামন্ত গগৈ, সৰ্জোন হাঞ্চে, কেএছএৰ সভাপতি ছিমিঅন ৰংফাৰ আৰু বহু কেইটা দল-সংগঠনৰ সভাপতি সম্পাদক সকল উপস্থিত থাকে৷