
ডিফুঃ ক্ৰমান্বয়ে হিংসাত্মক হ’ব ধৰিছে ডিফু নগৰ সমিতিৰ চাফাই কৰ্মীৰ প্ৰতিবাদ৷ বিগত ১১ দিন ধৰি ডিফু নগৰ সমিতিৰ শ্ৰমিক-কৰ্মচাৰীয়ে ৫২ মাহৰ বকেয়া আদায়ৰ দিয়াৰ দাবীত কৰ্ম বিৰতি পালন কৰি প্ৰতিবাদ কৰি আহিছে৷ এই প্ৰতিবাদে মঙলবাৰৰ পৰা হিংসাত্মক হ’ব ধৰিছে৷ নগৰ সমিতি খনৰ চাফাই কৰ্মচাৰী সকলৰ দাবীক গুৰুত্ব প্ৰদান নকৰাত চাফাই কৰ্মীসকল ক্ষোভিত হৈ পৰে৷
নগৰ সমিতিয়ে আলোচনাৰ বাবে আমন্ত্ৰণ নকৰাত চাফাই কৰ্মীসকল হতাশ হৈ হিংসাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ মঙলবাৰে শিলাবৰ্ষণ কৰি ক্ষান্ত নাথাকি চাফাই কৰ্মীসকলে বুধবাৰে কাৰ্যালয়ৰ চকী-মেজ কাৰ্যালয়ৰ চৌহদত জ্বলাই দি নগৰ কাৰ্যালয়ত শিলাবৰ্ষণ কৰি খিৰিকিৰ গ্লাছ আদি চূৰ্ণ-বিচূৰ্ণ কৰে৷ বিগত ১১ দিনৰ পৰা ডিফু নগৰ সমিতিৰ ৫২ মাহৰ বকেয়া আদায়ৰ দাবীত পালন কৰি অহা কৰ্ম বিৰতিয়ে মঙলবাৰৰ পৰা হিংসাত্মক হ’ব ধৰিছে৷
নগৰ সমিতি খনৰ চাফাই কৰ্মচাৰী সকলৰ দাবীৰ প্ৰতি ভ্ৰূক্ষেপ নকৰাত নগণ্য দৰমহাত কাম কৰা চাফাই কৰ্মী সকল ক্ষোভিত হৈ পৰি হিংসাৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে৷ চাফাই কৰ্মী সকলৰ ধৰ্মঘটলৈ নগৰ সমিতি খনৰ কৰ্মী সকলে নুন্যতমো মৰ্যদা প্ৰদান কৰি আলোচনালৈ নমতাত আলোচনালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকা চাফাই কৰ্মী সকল হতাশ হৈ পৰিছে৷
যোৱা ১৮ ডিচেম্বৰত নগৰ সমিতিয়ে চহৰৰ জাঁৱৰৰ দমবোৰ এখন এক্সেভেটৰেৰে আঁতৰাই নিবলৈ চেষ্টা কৰাৰ পিছতেই চাফাই কৰ্মীসকলে বাধা প্ৰদান কৰি নগৰ সমিতিখনৰ কাৰ্যালয়লৈ শিলাবৰ্ষণ কৰে৷ নগৰ সমিতিখনৰ আঁচবাব লণ্ড-ভণ্ড কৰে, ইয়াৰ পিছতো প্ৰতিবাদকাৰীসকলৰ সৈতে কোনো আলোচনা অনুষ্ঠিত নোহোৱাত চাফাই কৰ্মীসকলে নগৰ সমিতিৰ কাৰ্যালয়ৰ চৌহদত প্ৰৱেশ কৰি এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে৷
চাফাই কৰ্মীসকলে কাৰ্যালয়ৰ চকী-মেজবোৰ কাৰ্যালয়ৰ চৌহদত জ্বলাই ক্ষতি সাধন কৰাৰ লগতে নগৰ কাৰ্যালয় গৃহত শিলাবৰ্ষণ কৰি খিৰিকিৰ গ্লাছ আদি চূৰ্ণ-বিচূৰ্ণ কৰে৷ ঘটনাৰ খবৰ লাভ কৰি অগ্নি নিৰ্বাপক বাহিনী আৰু ডিফু আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ ইয়াৰ পিছতো চাফাই কৰ্মীসকলৰ দাবীৰ প্ৰতি বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰে তেন্তে প্ৰতিবাদকাৰীসকলে অধিক ভয়াবহ আন্দোলন গঢ়ি তুলিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷