ডিফুত হত্যাৰ গোচৰত এজনক ফাঁচীৰ হুকুম৷

newsnextone.com।ডিফু: ডিফুৰ সত্ৰ ন্যায়াধীশৰ আদালতে হত্যাৰ গোচৰত এজন লোকক আজি ফাঁচীৰ হুকুম প্ৰদান কৰে ৷ প্ৰাপ্ত খবৰ অনুসৰি ২০১৫ চনৰ মে' মাহৰ ১৯ তাৰিখে কাৰবি আংলং জিলাৰ ডকমকা থানাৰ অন্তৰ্গত লাংহিন পামগাঁও নিবাসী নলীৰাম ক্ৰ' নামৰ লোকজনে নিজৰ পত্নী মইনা হাঞ্চেপীৰে সাংসাৰিক কাজিয়াত লিপ্ত হৈ পত্নীক দাৰে ঘপিয়াই হত্যা কৰাৰ লগতে শুই থকা অৱস্থাত শিশু সন্তানদ্বয় ক্ৰমে আনন্দ ক্ৰ (৬) আৰু মঞ্জুৰী ক্ৰ'পী( ৪) কো অতি নিৰ্মম ভাবে হত্যা কৰিছিল৷ পত্নী, সন্তান হত্যকাৰী নলীৰাম ক্ৰ' ক উক্ত গোচৰত আজি সত্ৰ ন্যায়াধীশ আমিৰুদ্দিন আহমেদে ঐতিহাসিক ৰায় প্ৰদান কৰি ফাঁচীৰ হুকুম দিয়ে ৷ ডিফুৰ সত্ৰ ন্যায়াধীশৰ আদালতত এইটো প্ৰথম ফাঁচীৰ হুকুম ৷