অবৈধ অজনজাতি সকলৰ নাম কৰ্তনৰ দাবীত ডিফুত ২৪+ সংগঠনৰ গণ প্ৰতিবাদ

*কাৰ্বি পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অবৈধ অজনজাতি সকলৰ নাম কৰ্তনৰ দাবীত ডিফুত  ২৪+ সংগঠনৰ গণ প্ৰতিবাদ আৰু  সমদল  যাত্ৰা।
*প্ৰতিবাদকাৰী সকলে বস্তা  পৰিধান কৰি ক'লা কাপোৰেৰে মুখ বান্ধি আৰু হাতত থাল-বাচন লৈ  অভিনৱ প্ৰতিবাদ।

newsnextoneডিফু,৫ অক্টোবৰঃ  আজি কাৰবি আংলং স্বায়ত্ত পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অবৈধ অজনজাতি সকলৰ নাম কৰ্তন আৰু বিভিন্ন দাবীলৈ পাহাৰীয়া জিলাখনৰ বিভিন্ন জনজাতীয় সংগঠনেৰ ২৪ টাতকৈও অধিক সংগঠনে ডিফুৰ ৰাজপথ উত্তাল কৰি তোলে ৷  প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে কাৰ্ড বেনাৰ, ফেষ্টুনলৈ " ন' অট'নমাছ ষ্টেট ন' ৰেষ্ট " কাৰবি কাষ্টমাৰী ল' বলৱৎ কৰক, ভোটাৰ তালিকাৰ পৰা অবৈধ অজনজাতিৰ নাম কৰ্তন কৰক,ষষ্ঠ অনুসূচীত জাতি  দীৰ্ঘজীৱি হওক, বংগ সেনা গ' বেক, আদি  শ্লগানেৰে ডিফুৰ আকাশ-বতাহ কঁপাই তোলে ৷ 


২৪ + সংগঠনৰ ডিফুৰ ছেমচন চিং ইংতি মেম'ৰিয়েল পাৰ্কত অনুষ্ঠিত সভাত সংগঠন সমূহৰ মুখ্য আহ্বায়ক অৱসৰ প্ৰাপ্ত আইএছ বিষয়া জন ইংতি কাথাৰে প্ৰতিবাদকাৰী সকলক সম্বোধন কৰে ৷ 
প্ৰতিবাদকাৰী সকলে জিলাখনত আওপুৰণি নীতিৰে কাৰ্বি স্বায়ত্ত পৰিষদে অবৈধ অজনজাতি সকলকলৈ কাৰ্বি পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰি অহাৰ বিৰোধীতাৰে ইয়াক ষষ্ঠ অনুসূচীত জাতিৰ সংবিধানৰ অপৰিপন্থী বুলি অভিহিত কৰে৷ ভাৰতীয় সংবিধানত থকা ষষ্ঠ অনুসূচীত জাতিৰ বাবে থকা অনুচ্ছেদ ২০ অনুসৰি পৰিষদৰ ভোটাৰ তালিকাৰ পৰা অবৈধ অজনজাতি সকলৰ নাম কৰ্তনেৰে পৰিষদৰ ভোটাৰ তালিকা শুধৰণি কৰা, অনুচ্ছেদ ২ আৰু উপ-অনুচ্ছেদ ৭ অনুসৰি পৰিষদীয় নিৰ্বাচনৰ বাবে আইন আৰু নীতি প্ৰস্তুত কৰা, ১৮৮৬ চনৰ অসম চৰকাৰৰ ৰাজহ আৰু ভূমি নীতি বিলুপ্ত কৰি কাৰ্বি কাষ্টমাৰী বলবৎ কৰা, ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত থকা অনুচ্ছেদ  ৩ আৰু উপ-অনুচ্ছেদ  ১ৰ (ঙ), (চ) (ছ )(জ) আৰু (ঝ) অনুসৰি জনজাতীয় গ্ৰাম পৰিষদ গঠন কৰা আদি লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

প্ৰায় সহস্ৰাধিক প্ৰতিবাদ কাৰীয়ে  সভাৰ শেষত ডিফু চহৰৰ মাজেৰে এক বৃহৎ সমদল  বাহিৰ কৰি জিলা খনৰ জনজাতীয় অধিকাৰ ৰক্ষাৰ্থে  প্ৰতিবাদ কৰে ৷ একাংশ প্ৰতিবাদকাৰীয়ে বস্তা পৰিধান কৰি, মুখত ক’লা কাপোৰ বান্ধি আৰু থাল- বাচন বজাই অভিনৱ প্ৰতিবাদ কৰা দেখা যায় ৷ উল্লেখ যোগ্য যে, অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰ্বি স্বায়ত্ব পৰিষদক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আইন আৰু নীতি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰাৰ পিছতে পৰিষদে এই সন্দৰ্ভত খছৰা প্ৰস্তুত  সমিতি গঠন কৰি দিয়ে ৷ 

ইয়াৰ পিছতে জিলাখনত দীৰ্ঘদিনৰ পৰা বসবাস কৰি অহা অজনজাতি সকলৰ মাজত প্ৰতিক্ৰিয়া আৰম্ভ হৈ অলপতে বোকাজানত ১৫ টা অজনজাতি সংগঠন একত্ৰিত হৈ কাৰবি আংলঙত অজনজাতি সকলৰ অধিকাৰ সুৰক্ষাৰ্থে বিভিন্ন মতামত প্ৰকাশ কৰে ৷ সংবাদ মাধ্যমেৰে সাক্ষাৎকাৰত ২৪+ সংগঠনৰ মুখ্য আহ্বায়ক জন ইংতি কাথাৰে কয় যে, ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি কাৰবি পৰিষদে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুচ্ছেদ  ২ আৰু উপ-অনুচ্ছেদ ৭ অনুসৰি নিজাববীয়াকৈ আইন আৰু  নীতি প্ৰস্তুত নকৰাৰ বাবে ২৪+ সংগঠনে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত ৰায়দান দি কাৰ্বি পৰিষদক ৬ মাহৰ ভিতৰত নীতি আৰু আইন প্ৰস্তুত  কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ সেই মতে কাৰবি পৰিষদে এখন খছৰা প্ৰস্তুত সমিতি গঠন কৰি দুজন অনা কাৰ্বি লোকক সমিতিত লোৱাৰ বাবে অধিসূচনা জাৰি কৰাত ইয়াকলৈ  মতবিৰোধ হয় আৰু উক্ত অধিসূচনা বাতিল হয় ৷ 
পিছৰবাৰৰ অধিসূচনাতো অংশ গ্ৰহণকাৰী সকল স্বায়ত্ত পৰিষদৰ এলেকাধীন পাৰ্বত্য জনজাতিৰ হব লাগে নে নালাগে তাক স্পষ্ট নকৰি ফাইল গুৱাহাটীলৈ  প্ৰেৰণ কৰে যিটো অতি হাস্যকৰ, কাৰণ পৰিষদীয় নিৰ্বাচনৰ নীতি আৰু আইন প্ৰস্তুত কৰা কৰ্তৃত্ব পৰিষদৰ নিজৰ৷  ড: নোমল ম'মিনৰ প্ৰসংগত কাথাৰে কয় যে নোমল ম'মিনৰ উদ্দেশ্য বেলেগ কাৰণ তেওঁৰ কথাত কাৰ্বি-অনা কাৰ্বিৰ কথাহে বেছি ওলায় ৷ আঞ্চলিক পৰিষদৰ বিৰোধীতা সংগঠন সমূহে নকৰে যদিও ড: ম'মিনে স্বায়ত্ব ৰাজ্যৰ স্বাৰ্থত পদত্যাগ কৰিলে কাৰবি বাসীয়ে বিনাচৰ্তে সমৰ্থন জনাব ৷ 
অসমত অসমীয়াৰ সুৰক্ষাৰ বাবে যেনেকৈ এনআৰচিৰ প্ৰয়োজন তেনেকৈ ষষ্ঠ অনুসূচীত জাতিৰ সুৰক্ষাৰ বাবে কাৰবি পৰিষদৰ নিৰ্বাচনৰ বাবে নিজাববীয়া আইন আৰু নীতি প্ৰস্তুত হব লাগে ৷ কাৰবি আংলঙত কাৰবি সকল সংখ্যালঘু হৈ পৰিছ বুলিও মন্তব্য কৰে অৱসৰ প্ৰাপ্ত আই এছ বিষয়া জনে ৷ আনহাতে উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ কথা গম পাই জিলা আৰক্ষী প্ৰশাসনে প্ৰতিবাদ থলীতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা পৰিলক্ষিত হয় ৷

ছাইদুল ইছলাম, ডিফু