মীৰাই দিলে যুটীয়া সংসদীয় সমিতিক, অতুলৰ ‘চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপী’

newsnextone.com | গুৱাহাটীঃ নিৰ্বাচনৰ পূৰ্বে জাতি, মাটি, ভেটিৰ কথা কৈছিল যদিও গাদীত বহি বিজেপি দলে পাভলুটি মাৰে৷ বিদেশী খেদাৰ কথা কৈ শৰাইঘাটৰ ৰণৰ কথা কোৱা বিজেপি দলে নিৰ্বাচনৰ পিছত বিদেশীৰ সপক্ষে মত দিয়ে৷ তাৰ মাজতো দলটোৰ মাজত যে বিদেশীৰ সমস্যাক লৈ মতভেদ আৰম্ভ হৈছে সেয়া স্পষ্ট হৈ পৰে৷

শালকীয় দলৰ মন্ত্ৰী-বিধায়ক, নেতা-কৰ্মীয়ে বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনি অসমত সংস্থাপন কৰাৰ বাবে যুক্তি প্ৰদৰ্শন কৰি আহিছে৷ শাসকীয় বিজেপি দলৰ একাংশ মন্ত্ৰী-বিধায়ক, নেতা-কৰ্মীয়ে সময়ে সময়ে অসমত হিন্দু নাগৰিকক আনি সংস্থাপন কৰাৰ স্বাৰ্থক যুক্তি দি আহিছে যদিও শাসকীয় দলৰ ভিতৰতে একাংশ লোকে হিন্দু শৰণাৰ্থীক অসমত সংস্থাপন কৰাত তীব্ৰ বিৰোধিতা কৰে সেই কথা পুনৰ প্ৰমাণ হ’ল বুধবাৰে৷ বিজেপিৰ এগৰাকী বিধায়কে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীৰ্যক আক্ৰমণ কৰি বিধায়ক পেডত লিখি জনোৱা বিশেষ আহ্বানে ইয়াৰ প্ৰমাণ কৰে৷

সময়ে সময়ে নিজ দলৰ কাম কাজক সমালোচনা কৰি সংবাদ শিৰোনাম দখল কৰি অহা দিছপুৰৰ বিধায়ক অতুল বৰাই লিখা পত্ৰই ইয়াৰ প্ৰমাণ কৰে৷ বিধায়ক বৰাই মুখ্যমন্ত্ৰীলৈ লিখা চিঠিত তীৰ্যক মন্তব্য প্ৰকাশ কৰি কয় যে মই জনাত আপোনাৰ কেবিনেটত বাংলাদেশৰ পৰা হিন্দুখিনি আনি অসমীয়া জাতিক ৰক্ষা কৰাৰ কথা চিন্তা কৰা মন্ত্ৰীহে আছে৷ প্ৰথমে আমি অসমীয়া তাৰ পাচতেহে আমাৰ আনবোৰ চিনাকী বুলি কয়৷

উল্লেখ্য যে, ৭ মে’ত বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে মুকলিকৈ ওলাই আহি যুটীয়া সংসদীয় সমিতিয়ে খানাপাৰাত অনুষ্ঠিত কৰা শুনানিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাক্ষ্য দান কৰিছিল৷ আনহাতে উক্ত দিনটোতে অসম বিজেপিৰ শীৰ্ষ স্থানীয় নেতা তথা ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁয়ে অসমত বাংলাদেশী অনাৰ সপক্ষে মত পোষণ কৰিছিল৷

৭ মে’ত খানাপাৰাত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিয়ে শুনানি অনুষ্ঠিত কৰি থকাৰ সময়তে মন্ত্ৰী ৰাজেন গােহাঁয়ে বিধেয়ক খনৰ সমৰ্থন কৰি আমি হিন্দু বাংলাদেশীক সুৰক্ষা দিছো আৰু এই কথাত একো লুকুৱাবলগীয়া নাই বুলি কয়৷ তেওঁলোকে আমাক নিৰ্বাচনৰ সময়ত সহায় কৰিছিল। আইনখনৰ বিৰোধিতা কৰাসকলে বৰাকত অসমীয়া ভাষা বাধ্যতামূলক কৰাৰ বাবে আন্দোলন কৰক বুলি প্ৰত্যাহ্বান জনাইছিল। তাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷

বুধবাৰে মুখ্যমন্ত্ৰীলৈ লিখা চিঠি খনত অতুল বৰাই কয় ‘‘শুভেচ্ছা গ্ৰহণ কৰিব৷ আপুনি আইএমডিটি আইনখনৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপৰ বাবে আইন যুঁজত জয়ী হৈছিল আৰু তেতিয়া জাতীয় নায়ক সন্মান বুটলিবলৈ সক্ষম হৈছিল৷ আপোনাৰ প্ৰতি অসমৰ মানুহৰ আস্থা আৰু বিশ্বাস আজিও আছে৷’’

ইয়াৰ লগে লগে মেঘালয়ৰ মুখ্যমন্ত্ৰী কমৰাড চাংমাই নাগৰিক্তব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লোৱা কেবিনেট সিদ্ধান্তক প্ৰশংসা কৰি বৰাই পুনৰ কয় ‘‘মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা কেবিনেটে নাগৰিক সংশোধনী বিধেয়ক নাকচেৰে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তেওঁৰ পিতৃ পি এ চাংমাই নিজকে বৃহত্তৰ অসমীয়া জাতিৰ এগৰাকী সদস্য বুলি অনুভৱ কৰা কথাটো আমাৰ আগত এসময়ত ব্যক্ত কৰিছিল৷’’ 

তেওঁ আৰু কয় যে, জাতি-মাটি-ভেটি তেওঁৰ বাবে সৰ্বোচ্চ৷ জাতীয় নায়কৰ মুকুট আপোনাৰ শিৰত আছে৷ গতিকে আপুনি কনৰাড চাংমাৰ দৰে নাগৰিকত্ব সংশোধনী বিধেয়ক নাকচ কৰি অসমৰ এগৰাকী সাহসী মুখ্যমন্ত্ৰী আৰু সচাঁ অৰ্থতেই জাতীয় নায়ক সেই কথা পুনৰবাৰ নিশ্চিত কৰক৷ এয়ে মোৰ অনুৰোধ৷ 

আনহাতে বৰাক মন্ত্ৰী সভাত অন্তৰ্ভুক্ত নকৰাত ধন্যবাদ জনাই কয় যে মোক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত নকৰাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ৷ নহ’লে কেবিনেটত থকাহেতেন মই অকলেই যুঁজি থাকিব লগা হ’লহেতেন৷ 

মই জনাত আপোনাৰ কেবিনেট বাংলাদেশৰ পৰা হিন্দুখিনি আনি অসমীয়া জাতিক ৰক্ষা কৰাৰ কথা চিন্তা কৰা মন্ত্ৰীহে আছে৷ প্ৰথমে আমি অসমীয়া তাৰ পাচতেহে আমাৰ আনবোৰ চিনাকী বুলি কয় বিধায়ক অতুলে৷

ইমানলৈ সকলো থিকেই আছিল কিন্তু বিধায়ক অতুল বৰাই যুটীয়া সংসদীয় সমিতিয়ে খানাপাৰাত শুনানি লৈ থকাৰ সময়ত বিধায়ক আৱাসৰ পৰা ওলাই আহি শুনানিত অংশ লৈ বিধেয়ক খনৰ বিৰোধিতা নকৰিলে কিয়৷ যেনেদৰে বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে মুকলিকৈ ওলাই আহি স্মাৰক দি বিধেয়ক খনৰ বিৰোধিতা কৰিছে থিক তেনেদৰে অতুল বৰাই বিৰোধিতা কৰিবলৈ সৎ সাহক নকৰিলে কিয়৷ 

প্ৰকৃততে বিধায়কগৰাকীয়ে সমষ্টিৰ ৰাইজক সন্তুষ্ট কৰিবলৈ ‘চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপী’ আপ্ত ব্যকাশাৰৰী দৰে কৰিলে নেকি৷ গুৱাহাটীৰ পৰা যুটীয়া সংসদীয় সমিতিয়ে শুনানি লৈ যোৱাৰ এদিন পিছত এনে নাটক কৰি লাভ আছে কি বুলি বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে৷