চিআৰপিএফৰ বিষয়াৰ পৰা ৫ লাখ টকা লুটি নিয়া মুন-জালাল পৰিল আৰক্ষীৰ জালত

গোৰেশ্বৰ/ৰঙিয়াঃ ৰাজ পথৰ পৰা এগৰাকী চিআৰপিএফৰ বিষয়াক চোকা অস্ত্ৰ দেখুৱাই ৫ লাখ টকা লুটি নিয়া ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তক অৱশেষত জালত পেলাবলৈ সক্ষম হ’ল অসম আৰক্ষী৷ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মুন আলী আৰু জালাল আলীক আটক কৰিবলৈ সক্ষম হয়৷ ৰঙিয়াৰ সমীপৰ খন্দিকৰৰ পৰা জালাল আলী আৰু ৰঙিয়া ইছলামপুৰৰ পৰা মুন আলী নামৰ যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

বাক্সা জিলাৰ গোৰেশ্বৰ থানা এলেকাৰ কদমগুৰিত ৰাজ পথৰ পৰা ১৫ অক্টোবৰত দিন দুপৰতে এগৰাকী চিআৰপিএফৰ বিষয়াক দুৰ্বত্তই লুটি নিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল গোৰেশ্বৰত৷ এএচ-০১-বিজেদ-৭৮০৪ নম্বৰৰ আই-১০ গাড়ীৰে গোৰেশ্বৰৰ পৰা বঙাইগাঁও অভিমুখে গৈ থকা অৱস্থাত গোৰেশ্বৰ টাউনৰ সমীপৰ কদমগুৰিত জনশূন্য ঠাইত দুৰ্বৃত্তৰ দলে অস্ত্ৰ দেখুৱাই লুটি নিছিল ৫ লাখ টকা৷ গোৰেশ্বৰ ৰামছা চ’কস্থিত চিআৰপিএফৰ কেম্পৰ অ’চি প্ৰশান্ত সিংহৰ পৰা টকাখিনি লুটি নিয়াৰ পিছৰে পৰা বাক্সা জিলাৰ আৰক্ষীয়ে কামৰূপ আৰক্ষীৰ সহযোগত তীব্ৰ অভিযান অব্যাহত ৰাখিছিল৷

জানিব পৰা মতে, গোৰেশ্বৰ চিআৰপিএফ কেম্পৰ অ'চি প্ৰশান্ত সিংহ বৰ্তমান ছুটীত আছিল যদিও বঙাইগাঁৱৰ নিজ গৃহৰ পৰা গোৰেশ্বৰলৈ আহি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গোৰেশ্বৰ শাখাত থকা তেওৰ একাউন্টৰ পৰা পাঁচ লাখ টকা উলিয়াই গোৰেশ্বৰ-ৰঙিয়া পথেৰে পুনৰ গৃহ অভিমুখে যায়৷ পুৱাৰ ভাগতে গোৰেশ্বৰলৈ আহি প্ৰথমে গোৰেশ্বৰৰ চিআৰপিএফৰ কেম্পত গৈ খবৰ লৈ অকলে অসামৰিক পোছাকত আই-১০ গাড়ীৰে গোৰেশ্বৰ-ৰঙিয়া পথেৰে গৈ থকা অৱস্থাত কদমগুৰিত জনশূন্য প্ৰায় ৭ জনীয়া দল এটাই আগুৰি ধৰে আৰু টকাখিনি লৈ যায়৷

দিনৰ প্ৰায় ১২.০৫ বজাত দুখন কলা ৰঙৰ বাইক আৰু এখন বগা অল্টো গাড়ীৰে আগভেটা দিয়ে৷ দুখন কলা ৰঙৰ বাইক আৰু এখন বগা অল্টো গাড়ীয়ে গোৰেশ্বৰৰ পৰা অ'চিগৰাকীক পিছা কৰা বুলি অনুমান কৰে। বাহন কেইখনত থকা মুঠ সাতজনীয়া দলটোৱে কদমগুৰিত তেওঁৰ বাহনখনক আগভেটি ধৰি প্ৰথমে বাহনৰ গ্লাচ ভঙাৰ লগতে পিষ্টল আৰু খুকুৰি আদি দেখুৱাই ভীতি প্ৰদৰ্শন কৰি বিষয়াজনৰ পৰা পাঁচ লাখ টকা লুটি নিয়ে। মুঠ সাত জনীয়া যুবকৰ দলটোৱে ত্ৰিশ চেকেণ্ডত এই কাণ্ড সংঘটিত কৰি গুৰমৌ পথৰে দক্ষিণ দিশে নিৰ্বিঘ্নে আঁতৰি যায়। দুৰ্বৃত্তই অ'চিৰ মোবাইল আৰু বাহনৰ চাবিও কাঢ়ি নিয়ে।