শহুৰৰ ঘৰত হনুফা, মাজ নিশা পৰিল জালত

কামপুৰঃ নগাঁও জিলাৰ ধিং আৰক্ষীয়ে শনিবাৰে নিশা কচুৱাৰ ৰাঙলু বস্তিত অভিযান চলাই অস্ত সহ ডকাইত আটক কৰিবলৈ সক্ষম হয়৷

আৰক্ষীৰ অভিযানত এটা হাতে হস্ত নিৰ্মিক বন্দুক, এক জাঁই গুলী সহ হনুফা নামৰ ডকাইত জন আৰক্ষীৰ জালত পৰে৷

বহুকেইটা ডকাইতি কাণ্ডৰ সৈতে জড়িত থকা হনুফাৰযক বিছাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল৷ হত্যাৰ ভাবুকি দিয়াৰো অভিযোগ আছে হনুফাৰ বিৰুদ্ধে। জানিব পৰা মতে, হনুফাৰ ঘৰ ধিং থানাৰ অন্তৰ্গত বৰবিল কাজলি পথাৰত। কচুৱাৰ ৰাঙলুবস্তিৰ শহুৰৰ ঘৰত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি আটক কৰিবলৈ সক্ষম হয়৷