
গুৱাহাটীঃ যুগ যুগ ধৰি অসমত খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে ফাকুৱা উৎসৱ পালন কৰিছে আহিছে৷ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে ৰাজ্যজুৰি শ্ৰীকৃষ্ণৰ হোলী উৎসৱ অসমৰ ৰাইজেও পালন কৰে৷ নগাঁও জিলাৰ বৰদোৱাত প্ৰায় ৫৫০ বছৰীয়া পৰম্পৰা অটুট ৰাখি দৌলৎসৱ পালন কৰা হয়৷ শ্ৰীমন্ত শংকৰদেৱৰ দৌলযাত্ৰা মহোৎসৱৰ স্মৃতি বিজড়িত বটদ্ৰৱাত ‘গোঁসাই মূৰত ফাঁকু দিয়া উৎসৱ’ সম্পন্ন হয়।
পূৰ্বৰ পৰম্পৰা অনুযায়ী কীৰ্তনঘৰৰ নাম-প্ৰসংগৰ অন্তত গায়নে-বায়নে গোবিন্দ মূৰ্তিৰ সমুখত জোৰা ধৰি তাল-খোল, দবা, নাগাৰা, শংখ-ঘন্টা আদি মাংগলিক ধ্বনিৰ মাজতে আয়তীৰ উৰুলি আৰু মংগাচৰণেৰে গোবিন্দৰ মূৰত ফাঁকু দিয়া হয়। আনহাতে, নিশা বাৰেৰহণীয়া সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখ্য যে, দৌলোৎসৱ উপলক্ষে বটদ্ৰৱাত লক্ষাধিক ভক্তই গোবিন্দ প্ৰভুৰ আশীষ প্ৰাৰ্থনা কৰাৰ লগতে পবিত্ৰ আকাশী গংগাৰ তীৰতো অগণন তীৰ্থযাত্ৰীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে।
আনহাতে আবিৰৰ ৰং আৰু হোলী গীতেৰে মুখৰিত হৈ পৰিছে ঐতিহ্যমণ্ডিত বৰপেটাৰ আকাশ বতাহ। ঐতিহ্যমণ্ডিত বৰপেটাৰ দৌল মহোৎসৱৰ শুকুৰবাৰে ভৰদৌল অনুষ্ঠিত হৈছে। পুৱাৰে পৰা বৰপেটা সত্ৰত পৰিলক্ষিত হয় অগণন ভক্তৰ সমাগম৷ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ লগতে কেইবাজনো আতাৰ লীলাভূমি সদৃশ বৰপেটা হৰিনামেৰে মুখৰিত হৈ পৰে৷ সমগ্ৰ ৰাইজে ভক্তিৰসত গদ গদ হৈ পৰে৷ দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈ পৰে৷
চৌপাশে তালখোল মৃদংগৰ শব্দৰে ৰজনজনাই উঠিছে সত্ৰৰ চৌহদ৷ প্ৰায় ৫ লক্ষাধিক শিশু-আৱাল-বৃদ্ধ-বণিতাৰ উপস্থিতিত সমগ্ৰ বৰপেটা অঞ্চলত উখল-মাখল পৰিবেশৰ সৃষ্টিৰে একপ্ৰকাৰে সমন্বয় ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হৈছে৷ দবা, শংখ, আয়তীৰ উৰুলি, গায়ন-বায়নৰ খোল-তালৰ মাংগলিক ধ্বনি আৰু জাউৰিয়ে জাউৰিয়ে গোৱা হোলী গীতৰ লগতে হৰিনামৰ মন-প্ৰাণ হৰি নিয়া সুৰে বৰপেটা আকাশ-বতাহ মুখৰিত কৰি তুলি দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰিছে ৷
তদুপৰি দুৰ-দুৰণিৰ পৰা আহি সমবেত হোৱা অগণন ভক্তই নিজৰ মনোবাঞ্চা পূৰণাৰ্থে আগবঢ়োৱা ধূপ-ধুনা, ফল-মুলৰ আমোল-মোলোৱা সুবাস আৰু চাকি-বন্তি, নৈবদ্য আদিৰে থান প্ৰাংগণ ভৰি পৰি অনন্য পৰিবেশৰ সূচনা কৰিছে৷ ইফালে,পুৱা নিত্য নৈমিত্তিক প্ৰসংগৰ অন্তত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ অংশ হিচাপে বিয়লি ভাগত সু-সৰ্জ্জিত ৰথত গোঁসাইক উঠাই ৰভাতলৰ পৰা ফুৰাবলৈ নিয়া হয় ৷
গায়ন-বায়ন, ভকত-বৈষ্ণৱ, আইমাতৃ আৰু ধৰ্ম-বৰ্ণ-জাতি নিৰ্বিশেষে উপস্থিত থকা শত-সহস্ৰ তীৰ্থযাত্ৰীৰ অংশগ্ৰহনেৰে এটি মনোমোহা সাংস্কৃতিক সমদল উলিয়াই গোঁসাইক দৌলমন্দিৰলৈ নি আনুসংগিক ধৰ্মীয় আচাৰ-নীতিৰ পালনেৰে দৌলমন্দিৰ প্ৰদক্ষিণ কৰোৱা হয়৷ আনহাতে ৰাজ্যৰ বিভিন্ন ঠাইত আবাল, বৃদ্ধ বনতাই ৰাজ পথলৈ ওলাই আহি ৰঙৰ উৎসৱত মতলীয়া হৈ পৰে৷ যুৱক-যুৱতী, কিশোৰ-কিশোৰী, শিশু সকলোৱে সকলো পাহৰি ৰঙত ৰঙীন হৈ পৰে৷
ইপিনে, ফাকুৱাত আমদানিকৃত অপসংস্কৃতি ঘটাব যাতে কোনোৱে নোৱাৰে তাৰ বাবে সকলোকে সজাগ হ’বলৈ আহ্বান জনাই সচেতন নাগৰিকে৷ যুগ যুগ ধৰি অসমত খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে পৰম্পৰাগতভাৱে পালন কৰি অহা ফাকুৱা অাৰু দৌল উৎসৱত বহিঃৰাজ্য একাংশই অামদানিকৃত অপসংস্কৃতিৰ পয়োভৰ ঘটাই অসমৰ এই পবিত্র ফাকুৱা অাৰু দৌল উৎসৱক বিকৃত ৰূপ দিবলৈ চেষ্টা কৰাসকললৈ কঠোৰ সকীয়নি প্ৰদান কৰিছে সচেতন লোকসকলে৷
কিছু বছৰৰ পৰা বহিঃৰাজ্যৰ পৰা অহা ব্যৱসায়-বাণিজ্যৰ সৈতে জড়িত একাংশ লোকে অসমৰ ঐতিহাসিক ফাকুৱা আৰু দৌল উৎসৱৰ সমান্তৰালকৈ 'হোলী'ৰ নামত অশ্লীল নৃত্য-গীতেৰে অসমৰ বাট-পথ, ৰাজহুৱা স্থানত মাতাল হৈ অতপালি কৰি সমগ্ৰ অসমৰ কৃষ্টি-সংস্কৃতিত অাঘাত হানিছে বুলি অভিযোগ উত্থাপন হৈ আহিছে৷