গুণগত শিক্ষা প্ৰদানত ডনবস্ক' বিদ্যালয় সফল হৈছেঃফাডাৰ ডেনিয়েল

newsnextone.com | কোকৰাঝাৰঃ গৌৰৱজ্জ্বল ২৫ বছৰ ধৰি শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা কোকৰাঝাৰৰ ডনবস্ক' উচ্চতৰ মাধ্যমিক বিদ্যালয়ে শনিবাৰে ৰূপালী জয়ন্তী সমাৰোহ জাকজমতাৰে পালন কৰে।

 ডনবস্ক' বিদ্যালয়ৰ ৰূপালী জয়ন্তী সমাৰোহ উপলক্ষে কোকৰাঝাৰস্থিত ডনবস্ক' বিদ্যাালয়ৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে এক বাৰেবৰণীয়া সাংস্কৃতিক আৰু সজাগতামুলক শোভাযাত্ৰা উলিয়াই কোকৰাঝাৰ সদৰ চহৰ পৰিভ্ৰমণ কৰাৰ উপৰিও শোভাযাত্ৰাৰ মাজে মাজে মহিলা সবলীকৰণ, নাৰী নিৰ্যাতন, বেটী পঢ়াও, বেটী বাচাও, স্বচ্ছ ভাৰত, সেউজী ধৰণী ধুনীয়া আদিকে ধৰি কেবাটাও বিষয়ৰ ওপৰত সজাগতামুলক বেনাৰ-পোষ্টাৰ প্ৰদৰ্শন কৰাৰ উপৰিও পথৰ নাট পৰিৱেশন কৰে। 

শোভাযাত্ৰাৰ অন্তত ডনবস্ক' বিদ্যালয় প্ৰাংগনত বিভিন্ন কাৰ্যসূচীও ৰূপায়ন কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। বিদ্যালয়খনৰ অধ্যক্ষ ফাডাৰ ডেনিয়েল বসুমতাৰীয়ে ডনবস্ক' বিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ বাবে সদায় প্ৰচেষ্টা অব্যাহত থকা বুলি সদৰি কৰি গুণগত শিক্ষা প্ৰদানত ডনবস্ক' বিদ্যালয় সফল বুলি মন্তব্য প্ৰকাশ কৰিছে।