
নলবাৰীঃ নলবাৰী জিলাৰ দৌলাশাল হাইস্কুলত শিসু দিৱস পালন কৰা হয়৷ শিশু দিৱসৰ লগত সংগতি ৰাখি এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে বিদ্যালয় কৰ্তৃপক্ষই। বদ্যালয় খনৰ সহঃ শিক্ষক ৰমণী নাথ আৰু নৱ কুমাৰ কলিতাৰ তত্বাৱধানত 'ৰেঙণি' শীৰ্ষক প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰে বিৰিণা গোষ্ঠীৰ মুখ্য সম্পাদক তথা সাংবাদিক লীলাধৰ পাঠকে।
প্ৰধান শিক্ষক ভবেন কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত উদ্দেশ্য ব্যাখ্যা কৰে সহঃ শিক্ষক হৰগোবিন্দ নাথে। প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰি লীলাধৰ পাঠকে শিক্ষা-সাহিত্য আৰু শিশু দিৱসৰ প্ৰাসংগিকতা সম্পৰ্কত ছাত্ৰ-ছাত্ৰীৰ সন্দৰ্ভত ভাষণ আগবঢ়ায়।
সভাত উপস্থিত থাকি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰাণজিৎ নাথ আৰু জ্যেষ্ঠ শিক্ষক গুৰুচৰণ পাঠকে শিশু দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। দিৱস উপলক্ষে আয়োজিত চিত্ৰাংকণ প্ৰতিযোগিতাত বিকি চৌধুৰী প্ৰথম স্থান আৰু সুহানা সুস্মিতা হকে দ্বিতীয় স্থান পোৱাৰ বিপৰীতে কবিতা আবৃত্তিত আৰমিনা পাৰবিনে প্ৰথম আৰু দেবিশীষ কাশ্যপ ডেকাই দ্বিতীয় স্থান লাভ কৰে।