
আজাৰাঃ শ্লোক, বচন, গীতৰ সংমিশ্ৰণ চাবলৈ পাব অসমৰ ৰাইজে৷ তাহানিৰ জকাইচুকৰ ভাৱৰীয়া, সূত্ৰধাৰ আহি আহিছে চিনেমাৰ পৰ্দাত। গীত, পদ, ৰাগ, তালৰ সমাহাৰ গায়ন-বায়নৰ দৃশ্য আহিব ছবিঘৰলৈ। ঋষি-মুনি ৰাম, ৰজা-মহাৰজা, মন্ত্ৰী-যুৱৰাজ, সৈন্য, অসূৰো থাকিব৷ হয় ভৱৰীয়া নাট আহিব কথা ছবিৰ ৰূপত৷ নাট্যকাৰ বিশ্বজিৎ কলিতাই ভাৱৰীয়া নাটকক বোলছবিৰ ৰূপ দিবলৈ সাজু হৈছে৷
একেনামৰে বোলছবি নিৰ্মাণ কৰাৰ প্ৰস্তুতি চলাই গৈছে বিশ্বজিৎ কলিতাই৷ সন্মিলিত নাট্যগোষ্ঠীৰ উদ্যোগত ‘ভাৱৰীয়া’ৰ ৰূপত অসমীয়া বোলছবি আত্মপ্ৰকাশ কৰিব বুলি খোদ বিশ্বজিৎ কলিতাই দানিবলৈ দিয়ে। ৰাজ্যখনৰ বিশেষকৈ দক্ষিণ কামৰূপৰ ঢুলীয়া ভাওনা আৰু যাত্ৰা নাট্যদলক শক্তিশালী মাধ্যম হিচাপে লৈ নাট্যকাৰ কলিতাই ভাৱৰীয়া নাটক খন বোলছবি ৰূপ দি চিত্ৰগৃহলৈ আনিব।
মিৰ্জাস্থিত গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলাত সন্মিলিত নাট্যগোষ্ঠীয়ে এক সংবাদ মেলত বিশ্বজিৎ কলিতাই এই কথা সাংবাদিকক অৱগত কৰে। সংবাদমেলত কামৰূপ জিলাৰ উপায়ুক্ত কমল চন্দ্ৰ বৈশ্যই দক্ষিণ কামৰূপৰ লোক সংস্কৃতিৰ এক আপুৰুগীয়া সম্পদ স্বৰূপ বৰঢুলীয়া সংস্কৃতিক কথাছবিৰ জড়িয়তে ধৰি ৰাখিবলৈ কৰা প্ৰচেষ্টাক পাৰ্যমানে সহায়-সহযোগ আগবঢ়াব বুলি আশ্বাস দিয়ে। বৰঢুলীয়া ৰামপুৰ খিদিৰপুখুৰীৰ থানেশ্বৰ কৈৱৰ্ত্ত উপস্থিত থাকে। নাটখন বোলছবি ৰূপে নাট্যগোষ্ঠীটোৱে নিৰ্াণ কৰিব খোজাত দক্ষিণ কামৰূপত এতিয়াৰ পৰাই চৰ্চা আৰম্ভ হৈছে৷