দীপাৱলীত বনৰীয়া ফুল

লৰংঘাটঃ দৰং জিলাৰ দলংঘাটৰ আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান ঐতিহামণ্ডিত নাট্যকলা সংঘই মঞ্চস্থ কৰিলে ‘বনৰীয়া ফুল’ নামৰ নাট খন। ১৯৫৮ চনত স্থাপন হোৱা সংঘটোৱে ৫৯ বছৰে অঞ্চলটোৰ সাংস্কৃতিক দিশত বিভিন্ন কাম কাজ কৰি আহিছে৷

সাংস্কৃতিক ক্ষেত্রখনত আগবঢ়ায় অহা প্ৰতিটো দীপাৱলীত মঞ্চস্থ কৰে একোখনকৈ পুনাংগ নাট। এইবেলিও বিশিষ্ট নাট্যকাৰ অৱতাৰ সিংৰ বনৰীয়া ফুল নামৰ নাটখন মঞ্চস্থ কৰে।

নাট্যকৰ্মী ত্ৰৈলোক্য বৰুৱাই মঞ্চ উদ্বোধন কৰাৰ পিছতে বনৰীয়া ফুল মঞ্চস্থ কৰা হয়৷ নাট ময্চস্থ কৰাৰ পুৰ্বে অঞ্চলটোৰ কেইবাগৰাকী সমাজকৰ্মী ছাত্ৰ-ছাত্ৰীক নাট্যকলা সংঘই আদৰনি জনায়। পিছপৰা অঞ্চলটোৰ যুৱক-যুৱতীসকলে নাট মঞ্চস্থ কৰাৰ দৰে পদক্ষেপ লোৱাত সচাঁকৈয়ে শলাগ লয় ৰাইজে৷