গেদাৰবড়িত মঞ্চস্থ "ভক্ত চূড়ামণি ধ্ৰুৱ" মঞ্চস্থ

জাজৰিঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত হাতীচোং মৌজাৰ ২নং গেদাৰবড়ি বৰনামঘৰত সোমবাৰে মঞ্চস্থ হয় "ভক্ত চূড়ামণি ধ্ৰুৱ" নামৰ ভাওনা খনি। আধুনিক সমাজ ব্যৱস্থাৰ লগত খাপ খোৱাই বিশিষ্ট শিল্পী গুণ শইকীয়াৰ প্ৰযোজনাত মঞ্চস্থ হোৱা নাট খনি দৰ্শক ৰাইজে আদৰেৰে গ্ৰহণ কৰে। 

নাট মঞ্চস্থৰ আগেয়ে ২নং গেদাৰবড়ি বৰনামঘৰৰ নৱ নিৰ্মিত মণিকুট গৃহৰ প্ৰতিষ্ঠা অনুষ্ঠানৰ পুৱা ৫ বজাত প্ৰাতঃপ্ৰসংগৰে আৰম্ভ হয়। তাৰ পাছতে ১০ বজাত মণিকূট গৃহৰ গুৰু আসন প্ৰতিষ্ঠা, খোল প্ৰসংগ, নাম প্ৰসংগ আৰু বিয়লি আই সকলৰ নাম অনুষ্ঠিত হয়।