এক লাখ টকা মূল্যৰ ড্ৰাগছ সহ দুখন বাহন জব্দ

চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত পুৰণিগুদাম ন-আলিমূৰত মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়৷

জানিব পৰা মতে, সন্ধিয়া এক গোপন সুত্ৰৰ পম খেদি নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে পুৰণিগুদাম ন-আলিমূৰৰ পৰা প্ৰায় এক লাখ টকা মূল্যৰ ড্ৰাগছৰ টেবলেট আৰু লিকৰ বটল জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এ-এচ-০২-এল-৩৫৯৭ নম্বৰৰ এখন মটৰ চাইকেল আৰু এ-এচ-০২-এ- চি-৭৯৪৬ নম্বৰৰ এখন মাল কঢ়িওৱা টেম্পু জব্দ কৰে৷

কিন্তু ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা যুৱক দুজন আৰক্ষীৰ হাতৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷