খাৰুপেটীয়াৰ বলোগড়াৰ তাহেৰৰ ঘৰৰ পৰা চলে ড্ৰাগছৰ ব্যৱসায়

খাৰুপেটীয়াঃ ৰাজ্যত আজিও অব্যাহত আছে ড্ৰাগছৰ বেহা৷ একাংশ প্ৰভাৱশালি লোকৰ ছত্ৰছায়াত ৰাজ্যত যে আজিও ড্ৰাগছৰ ব্যৱসায় চলি আছে সেই কথাৰ প্ৰমাণ হয় বৃহস্পতিবাৰে নিশা৷ 

দৰং জিলাৰ খাৰুপেটীয়াৰ বলোগড়াৰ তাহেৰ আলী নামৰ যুৱকজনৰ ঘৰৰ পৰা নিষিদ্ধ হেৰোইন আৰু ড্ৰাগছ উদ্ধাৰৰ ঘটনাই ৰাজ্যত পুৰা মাত্ৰাই ড্ৰাগছৰ ব্যৱসায় চলি আছে তাৰেই প্ৰমাণ কৰে। 

তাহেৰ আলী নামৰ লোকজনে ৰাজ্য বিভিন্ন প্ৰান্তত ড্ৰাগছ যোগান ধৰি আহিছে বুলি জানিব পৰা যায়৷ লোকজনে দীৰ্ঘদিন ধৰি এই ব্যৱসায় চলাই আহিছিল বুলি আৰক্ষীৰ তথ্যত প্ৰকাশ৷

বৃহস্পতিবাৰে নিশা দৰং আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক অমিত হোজাইৰ নেতৃত্বত ধূলা আৰক্ষীয়ে চলাইছিল বলোগড়াত অভিযান। অভিযান কালত তাহেৰ নামৰ লোকজনৰ ঘৰৰ পৰা ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও তাহেৰ আলী পলায়ন কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে হেৰোইন, ড্ৰাগছ আৰু বহু পৰিমাণৰ নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে।