
গোৱালপাৰাঃ বুধবাৰে নিশা গোৱালপাৰা জিলাৰ দুধনৈত পথ দুৰ্ঘটনা সংঘটিত হৈ তিনিগৰাকী লোকে প্ৰাণ হেৰুৱাব লগা হয়৷ ৰাজ পথত দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ লগাৰ ফলত তিনিগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা যায়৷
এখন তীব্ৰ বেগী ট্ৰাক আৰু বিপৰীত দিশৰ পৰা আহি থকা এখন এল্ট’ৰ মাজত মুখামুখি সংঘৰ্ষ লগাৰ ফলত এল্ট’ত থকা তিনিগৰাকী লোকৰ মৃত্যু হয়৷ আনহাতে, গুৰুতৰভাৱে আহত আন এগৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰাই স্থানীয় লোকে৷