দুলীয়াজানত চোৰে নিলে বেটাৰী

দুলীয়াজানঃ নিৰাপত্তাৰক্ষীয়ে গিজ গিজাই থকা তৈল নগৰি দুলীয়াজানৰ মাজ মজিয়াৰ চুৰি কাণ্ড সংঘটিত হয় দেওবাৰে নিশা৷

নিশা প্ৰায় ১২.৩০ বজাত চুৰি কাণ্ড সংগঠিত হয় মুল বজাৰৰ এখন দোকানত। বেটাৰিৰ দোকান খনৰ পৰা ৯টা ডাঙৰ বেটাৰী চুৰি হোৱা বুলি জানিব পৰা গৈছে৷

চিনু ইলেকট্ৰিকেল নামৰ দোকান খনৰ গৰাকীয়ে চুৰিৰ ঘটনা সন্দৰ্ভত পুৱাই হে অৱগত হয়৷ দোকানখনৰ গৰাকীয়ে পুৱাই অৱগত হোৱাৰ পিছতে দুলীয়াজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।