
নামতিঃ ৰাজ্যত সাম্প্ৰদায়িক পৰিবেশ দুষিত হোৱা বুলি একাংশ লোকে অভিযোগ উত্থাপন কৰি অহাৰ সময়তে শিৱসাগৰৰ নামতি চাৰি আলিত হিন্দু আৰু মুছলিম ধৰ্মালম্বী লোকে একেলগে সম্প্রীতিৰ এনাজৰীডাল কটকটীয়া কৰাৰ মানসেৰে উদযাপন কৰিছে দুর্গা পূজা। ঐতিহ্যমণ্ডিত নামতিৰ পূজাত উলাহ-মালহেৰে সকলোৱে ওলাই অহা পৰিলক্ষিত হৈছে৷ সকলোৰে সহায়-সহযোগেৰে পূজা অনুষ্ঠিত কৰা বুলি কয় আয়োজক সমিতিৰ সভাপতি সঞ্জিৎ ঝা, যুটীয়া সম্পাদক নয়ন গগৈ আৰু ভাস্কৰ গগৈয়ে৷
হিন্দুৰ লগতে মুছলিম ধৰ্মাৱলম্বী লোকে পূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলিও কয়। আনহাতে, সাংস্কৃতিক সম্পাদক দিপাংকৰ গগৈ আৰু হাফিজউল্লাহ আহমেদে দূর্গা পূজাৰ লগত সংগতি ৰাখি আয়োজন কৰা আই সকলৰ দিহানাম আৰু কণ কণ শিশু সকলৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান এইবাৰৰ পূজাৰ বিশেষ আকর্ষণ বুলি কয়।
দুর্গা পূজাৰ শেষৰ দিনটোত সাংস্কৃতিক সন্ধিয়া জনপ্রিয় কণ্ঠ শিল্পী বিপিন চাওদাঙে গীত পৰিৱেশন কৰিব৷ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছাই উদ্বোধন কৰিবলগীয়া অনুষ্ঠানটো আমগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকাৰ লগতে ভালেকেইজন গণ্য-মান্য ব্যক্তিয়ে অংশ গ্রহণ কৰিব। সংহতিৰ বিৰল চানেকি দাঙি ধৰি শান্তি প্ৰতিষ্ঠাৰ অন্যতম নিদর্শন দাঙি ধৰা নামতি চাৰি আলি এতিয়া সমন্বয়ৰ থলীত পৰিণত হৈছে।