
লংকাঃ শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰমুখত। স্মৃতিৰ ৰহঘৰত আকৌ সৃষ্টি হ’ব এটি নতুন গানৰ। শৰৎ যেন এক ন মিঠা আলোড়ন। গ্ৰীষ্মৰ উত্তাপ আঁতৰাই আহিনৰ মিঠা পৰশ সানিবলৈ শৰতৰ আগমন। শুভ্ৰ শেৱালিৰ বুকুত পুৱাৰ কাঁচলি ৰ’দজাক জিলিকি উঠে।
শৰৎ আৰু শেৱালীৰ দুয়োৰ যেন এক মধুৰ সম্পৰ্ক। শৰতৰ আগমনত প্ৰকৃতিয়ে যেন নতুনলৈ বাগৰ সলায়। সকলোতে হেপাঁহৰ ৰাগী লাগে। বিভোৰ স্বপ্নত সকলো উদগ্ৰীৱ হৈ পৰে। সৃষ্টিত এক নতুন উদ্যম দি এক অস্মৰণীয় ক্ষণ। শাৰদী ৰাণীক আদৰিবলৈ সকলো সাজু হৈছে।
অপেক্ষাকৃত শাৰদী দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে হোজাই জিলাত। হোজাই জিলাত এইবাৰ সৰ্বমুঠ ৩৫৬ খন ৰাজহুৱা পূজা মণ্ডপৰ প্ৰস্তুতি চলিছে। জিলাখনৰ সদৰ ঠাই হোজাই থানা এলেকাত এইবাৰ ১৩০ খন ৰাজহুৱা পূজাৰ আয়োজন কৰিছে। হোজাই থানাৰ অন্তৰ্গত যোগীজন আৰু নিলবাগান নিৰীক্ষণ চকীৰ অধীনত ক্ৰমে ৩১ আৰু ৮ খন পূজাৰ আয়োজন কৰা হৈছে।
হোজাই জিলাৰ লংকা থানা এলেকাত জিলা সদৰ শংকৰদেৱ নগৰকে ধৰি সৰ্বমুঠ ১০৬ খন পূজাৰ আয়োজন কৰা হৈছে। ৰেলনগৰী লামডিং থানা এলেকাত ৫১ খন, কাকী থানা এলেকাত ২৪ খন, ডবকাত ১৮ খন পূজাৰ আয়োজন কৰা হৈছে।
অইন বেলিৰ দৰে এই বেলি হোজাই জিলাৰ মোৰাঝাৰ থানা এলেকাৰ চাবাজপুৰ সাৰ্বজনীন পূজা মন্দিৰ, উত্তৰ বান্দৰ মেলা, দেৱস্থান, চৌধৰী বজাৰ পূজা মন্দিৰকে ধৰি ১৫ খন পূজা সমিতিয়ে পূজা আয়োজনৰ প্ৰস্তুতি চলোৱা বুলি জনা গৈছে।
যমুনামুখ থানা এলেকাত এইবাৰ ১২ খন পূজাৰ আয়োজন কৰা হৈছে বুলি হোজাই জিলাৰ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ পোৱা গৈছে। এই তথ্যত ব্যক্তিগত মানসী দুৰ্গাপূজা সমূহক বাদ দিয়া হৈছে। ব্যক্তিগত পূজা সমূহ যোগ কৰিলে জিলা খনত শাৰদীয় দুৰ্গা পূজাৰ সংখ্যা বৃদ্ধি পাব।
হোজাই জিলা সদৰ আৰক্ষী নিৱেশ হোজাইৰ তিনিখন পূজাই সকলোকে আকৰ্ষণ কৰিছে। দেৱী ভাগৱত মতে, বিগত তিনি দশক জুৰি হোজাই আদৰ্শ দুৰ্গা পূজা সমিতিয়ে এইবাৰো ওঠৰ হাতৰ দেৱী প্ৰতিমা নিৰ্মান কৰি পূজাৰ আয়োজন কৰিছে।
হোজাইৰ নতুন বজাৰৰ মণিপুৰী সম্প্ৰদায়ৰ লোক সকলে স্থায়ী মণ্ডপত দুটা হাতৰ দেৱী ইমা পানথৈবিৰ পূজাৰ আয়োজন কৰিছে। মণিপুৰী সাজ পৰিধান কৰা এই দেৱীৰ বাহন সিংহ নহয়, বাঘ হে। এই স্থায়ী মণ্ডপৰ লগতে হোজাইৰ বিদ্যানগৰতো ইমা পানথৈবি দেৱীৰ পূজাৰ আয়োজন কৰিছে।
স্থায়ী মণ্ডপত বিগত বছৰৰ দেৱী প্ৰতিমা এইবাৰ সলনি কৰা হ’ব যদিও বিদ্যানগৰৰ পূজাৰ দেৱী প্ৰতিমা দশমী দিনা বিসৰ্জন দিয়া হ’ব। ইফালে হোজাই জিলাত শান্তিপূৰ্ণ ভাবে আনন্দৰ মাজেৰে দিন কেইটা উদযাপনৰ বাবে সচেতন মহল আৰু আৰক্ষী প্ৰশাসনে কামনা কৰিছে।