
লংকাঃ অপেক্ষাকৃত শাৰদী দুৰ্গোৎসৱৰ আজিৰ পৰা সমগ্ৰ অসমৰ লগতে হোজাই জিলাতো আৰম্ভ হৈছে। হোজাই জিলাত এইবাৰ সৰ্বমুঠ ৩৫৬ খন ৰাজহুৱা পূজা মণ্ডপত আজি দুৰ্গা গোসাঁনীৰ বেলবোধন কৰা হয়। জিলাখনৰ সদৰ ঠাই হোজাই থানা এলেকাত এইবাৰ ১৩০ খন ৰাজহুৱা পূজাৰ আয়োজন কৰিছে। হোজাই থানাৰ অন্তৰ্গত যোগীজান আৰু নিলবাগান নিৰীক্ষণ চকীৰ অধীনত ক্ৰমে ৩১ আৰু ৮ খন পূজাৰ আয়োজন কৰা হৈছে।
হোজাই জিলাৰ লংকা থানা এলেকাত জিলা সদৰ শংকৰদেৱ নগৰকে ধৰি সৰ্বমুঠ ১০৬ খন পূজা, ৰেলনগৰী লামডিং থানা এলেকাত ৫১ খন, কাকী থানা এলেকাত ২৪ খন, ডবকাত ১৮ খন পূজাৰ আজি বেলবোধন কৰা হয়। অইন বেলিৰ দৰে এই বেলি হোজাই জিলাৰ মোৰাঝাৰ থানা এলেকাৰ চাবাজপুৰ সাৰ্বজনীন পূজা মন্দিৰ, উওৰ বান্দৰ মেলা, দেৱস্থান, চৌধৰী বজাৰ পূজা মন্দিৰকে ধৰি ১৫ খন পূজা সমিতিয়ে পূজাৰ আয়োজনৰ কৰিছে। হোজাই জিলাৰ থানা এলেকাত এইবাৰ ১২ খন পূজাৰ আয়োজন কৰা হৈছে বুলি হোজাই জিলাৰ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা জনা গৈছে।
ইফালে হোজাই জিলাত শান্তিপূৰ্ণ ভাবে আনন্দৰ মাজেৰে দিন কেইটা উদযাপনৰ বাবে সচেতন মহল আৰু জিলা আৰক্ষী প্ৰশাসনে কামনা কৰিছে। আজি হোজাই জিলা সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এক সংবাদমেল আয়োজন কৰি পূজা সম্পৰ্কে প্ৰশাসনে লোৱা ব্যৱস্থাৰ বিষয়ে ব্যাখ্যা কৰে। হোজাইৰ নৱনিযুক্ত উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙে আগ ধৰা সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত অৰূপ পাঠক, প্ৰশান্ত বৰুৱা আৰু হোজাই জিলাৰ আৰক্ষী অধীক্ষক দেৱজ্যোতি মুখাৰ্জীয়ে অংশগ্ৰহণ কৰে।
সংবাদ মেলত জিলা প্ৰশাসনে জিলাখনৰ স্বচ্ছ পূজা সমিতিৰ বাবে এটা পুৰস্কাৰৰ ঘোষণা কৰে। এই পুৰস্কাৰ দুই অক্টোবৰত প্ৰদান কৰা হ’ব। প্ৰশাসনে এই সময়চোৱাত জিলা সদৰ শংকৰদেৱ নগৰত এটা নিয়ন্ত্ৰণকক্ষ স্থাপন কৰি এটা জৰুৰীকালীন নম্বৰ প্ৰকাশ কৰে। ০৩৬৭৪-২৮৪২৮৪ নম্বৰটো ২৭ ছেপ্টেম্বৰৰ পৰা পহিলা অক্টোবৰলৈকে বাহাল থাকিব। সংবাদমেলত আৰক্ষী অধীক্ষক দেৱজ্যোতি মুখাৰ্জীয়ে জিলাখনৰ হোজাই, লংকা, লামডিং আৰু ডবকাৰ বাবে বিশেষ যান-বাহন সম্পৰ্কীয় নিৰ্দেশনাৰ বিষয়ে ব্যাখ্যা কৰে।