
মঙলদৈঃ দুৰ্যোগ প্ৰশমনৰ উদ্দেশ্য আগত ৰাখি ৰাজ্যখনৰ অনান্য জিলাৰ লগতে দৰঙতো বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয় আন্তৰ্জাতিক দুৰ্যোগ প্ৰশমন দিৱস। ৰাতিপুৱা ৮ বজাত সমুহীয়া চাফাই অভিযানৰ পিছত দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে দুৰ্যোগ শংকা প্ৰশমন দিৱসৰ শোভাযাত্ৰা উদ্বোধন কৰে৷ শোভাযাত্ৰাত জিলাখনৰ বহুসংখ্যক লোকে অংশগ্রহণ কৰে।
আজি মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত NDRF, SDRF, অসামৰিক প্ৰতিৰক্ষা, স্বাস্থ্য বিভাগ তথা বিভিন্ন চৰকাৰী-বেচৰকাৰী বিভাগৰ দ্বাৰা দুৰ্যোগ শংকা প্ৰশমনৰ আখৰা প্ৰদৰ্শণ কৰে।
আনহাতে মঙলদৈ নাট্য মন্দিৰত দুপৰীয়া ১২ বজাত অনুষ্ঠিত হোৱা মুকলি সভাত মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকি দুৰ্যোগ প্ৰশমনৰ বিষয়ে বক্তৃতা প্ৰদান কৰে৷ অনুষ্ঠানত সমল ব্যক্তি হিচাপে খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ বুধিন হাজৰিকাই দুৰ্যোগ ব্যৱস্থাপনা তথা প্ৰশমনৰ বিষয়ে বিশদভাৱে বক্তৃতা প্ৰদান কৰে।